নেশ্যনেল ডেস্ক,১ এপ্ৰিল: বৃহস্পতিবাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ঘোষণা কৰিছে যে, ছুপাৰষ্টাৰ ৰজনীকান্তক ২০২১ বৰ্ষৰ 'দাদা চাহেব ফাল্কে বঁটা' প্ৰদান কৰা হ'ব । প্ৰতি বছৰে ছবি জগতৰে জড়িত এগৰাকী স্বনামধন্য ব্যক্তিলৈ 'দাদা চাহেব ফাল্কে বঁটা' আগবঢ়োৱা হয় । চলিত বৰ্ষত আশা ভোছলে, মোহনলাল, বিশ্বজিৎ চেটাৰ্জী, শংকৰ মহাদেৱন আৰু সুভাষ ঘাইৰ জুৰীয়ে ৰজনীকান্তক এই সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত কৰে ।
মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয় যে, বিচাৰকসকলে সৰ্বসন্মতিক্ৰমে পৰামৰ্শ দিছিল যে, ৰজনীকান্তক 'দাদা চাহেব ফাল্কে বঁটা' প্ৰদান কৰা উচিত আৰু এই সিদ্ধান্তত সহমত প্ৰকাশ কৰিছিল তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে । দাদা চাহেব ফাল্কে নামেৰে জনাজাত ধুণ্ডিৰাজ গোবিন্দ ফাল্কে এগৰাকী ভাৰতীয় প্ৰযোজক, পৰিচালক, চিত্ৰ নাট্যকাৰ আছিল । তেওঁ ভাৰতীয় ছবিৰ পিতৃ বুলি অভিহিত কৰা হয় ।