অসম

assam

ETV Bharat / bharat

Cyclone Sitrang: ত্ৰিপুৰাত ৫০০ ঘৰ ক্ষতিগ্ৰস্ত - Bangladesh border in Tripura

সোমবাৰে ত্ৰিপুৰাত ঘূৰ্ণীবতাহ চিত্ৰাঙৰ (Sitrang Cyclone) আঘাতত এজন লোক আহত হোৱাৰ লগতে ৰাজ্যজুৰি ৫০০তকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত হয় (500 houses damaged in Tripura by Sitrang Cyclone) ।

Tripura
Tripura

By

Published : Oct 25, 2022, 7:44 PM IST

আগৰতলা, ২৫ অক্টোবৰ : সোমবাৰে ত্ৰিপুৰাত ঘূৰ্ণীবতাহ চিত্ৰাঙৰ (Sitrang Cyclone) আঘাতত এজন লোক আহত হোৱাৰ লগতে ৰাজ্যজুৰি ৫০০তকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত হয় (500 houses damaged in Tripura by Cyclone) । ৰাজ্যিক জৰুৰীকালিন অভিযান কেন্দ্ৰৰ এক বিতং প্ৰতিবেদনত কোৱা হৈছে যে ৫০ টাতকৈও অধিক বিদ্যুতৰ খুঁটা ক্ষতিগ্ৰস্ত হৈছে । আনহাতে, বহু গছ উভালি বিদ্যুতৰ খুঁটাত পৰাৰ লগতে বহু ঘৰৰ ওপৰত পৰি ক্ষতিগ্ৰস্ত কৰিছে ।

প্ৰতিবেদনখনত কোৱা হৈছে যে বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ (Bangladesh border in Tripura) ৰাজ্যখনৰ চেপাহিজালা জিলা এই চিত্ৰাং ঘূৰ্ণীৰ ফলত যথেষ্ট পৰিমাণে বেয়াকৈ প্ৰভাৱিত হৈছে । ৰাজ্যখনৰ উত্তৰ জিলাত ২৬ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় । আনহাতে, গোমতীত ৪০ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৪ টা ঘৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় । একেদৰে চেপাহিজালাত ১৫৪ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৫২ টা ঘৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় । আনহাতে, ৭ টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হয় ।

ইফালে দক্ষিণ জিলাত এই ঘূৰ্ণীবতাহৰ ফলত 24 খন গাঁও ক্ষতিগ্ৰস্ত হয় । ইয়াৰে ভিতৰত 29 টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় । আনহাতে, 6 টা ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 3700 লোক ক্ষতিগ্ৰস্ত হৈছে (3700 peoples affected by Sitrang in Tripura) । ইয়াৰ উপৰি খোৱাইত 2 টা ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 7 টা ঘৰ গুৰুতৰভাৱে আৰু 5 টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় ।

প্ৰতিবেদনখনত লগতে জনাইছে যে পশ্চিম জিলাত 94 টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰে ধলাইত সাতটা ঘৰ সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হয় । আনহাতে, 29 টা ঘৰ গুৰুতৰভাৱে আৰু 36 টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় । প্ৰতিবেদনত এইটোও জনোৱা হৈছে যে ৰাজ্যখনৰ সকলো নদী বিপদসীমাৰ তলেৰে বৈ আছে । ইফালে বতৰ বিজ্ঞান বিভাগে (Metrological department of Tripura) জনোৱা মতে, ৰাজ্যখনৰ কিছু অঞ্চলত পাতলীয়া বৰষুণৰ লগতে সাধাৰণতে বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে । সৰ্বাধিক আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৮ আৰু ২১ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Air Quality Index: দীপাৱলীৰ পাছতেই অধিক প্ৰদূষিদূ ত দিল্লীৰ বায়ুমণ্ডল

ABOUT THE AUTHOR

...view details