আগৰতলা, 28 এপ্ৰিল :ত্ৰিপুৰাৰ জিলা পৰিষদৰ অধীনষ্ঠ অধিকাংশ পৰিয়ালত পৰ্যাপ্ত পৰিমাণে নাই খোৱাপানীৰ সু-ব্যৱস্থা(No proper facilities of drinking water in Tripura) ৷ এই কথা সদৰি কৰিছে প্ৰদ্যুত কিশোৰ মণিক্য দেৱবৰ্মাই ৷ তেওঁ সদৰি কৰা অনুসৰি, ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ (TTAADC) ৰ প্ৰায় 50 শতাংশ পৰিয়ালে লাভ কৰা নাই খোৱাপানীৰ সু-ব্যৱস্থা(Drinking water crisis in Tripura) ৷
TIPRA ৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ মাণিক্য দেৱবৰ্মা(Pradyot Kishore Manikya Debbarma latest news)ই বুধবাৰে ৰাজ্যখনৰ খোৱাপানী আৰু অনাময় বিভাগৰ দায়িত্ববাহী মন্ত্ৰী সুশান্ত চৌধুৰীৰ সৈতে এই সন্দৰ্ভত এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত ৰাজ্যখনৰ সাধাৰণ লোকসকলে খোৱাপানীৰ সমস্যাত ভোগাৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷