অসম

assam

ETV Bharat / bharat

Destination Tripura Investment Summit 2021: প্ৰায় ২৫০০ কোটিৰ ৫০ খন বুজাবুজি চুক্তি স্বাক্ষৰ - ডেষ্টিনেশ্যন ত্ৰিপুৰা বিনিয়োগ সন্মিলন

সামৰণি পৰিল ত্ৰিপুৰাৰ বৃহৎ বিনিয়োগ সন্মিলনৰ (Destination Tripura-Investment Summit 2021)। ত্ৰিপুৰা চৰকাৰে ৫০ খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে । ইয়াৰে ভিতৰত এটা আইটি কোম্পানীৰ সৈতে ৫০০ কোটি টকাৰ বুজাবুজি চুক্তিত হৈছে স্বাক্ষৰ ।

Destination Tripura Investment Summit 2021
প্ৰায় ২৫০০ কোটিৰ ৫০ খন বুজাবুজি চুক্তি স্বাক্ষৰ

By

Published : Dec 12, 2021, 5:28 PM IST

আগৰতলা,১২ ডিচেম্বৰ :দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰাত আয়োজিত ডেষ্টিনেশ্যন ত্ৰিপুৰা-বিনিয়োগ সন্মিলনৰ (Destination Tripura-Investment Summit 2021)শুকুৰবাৰে সামৰণি পৰে । এই সন্মিলনত ৫০ গৰাকী বিনিয়োগকাৰীৰ সৈতে প্ৰায় ২৫০০ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে ত্ৰিপুৰা চৰকাৰে । ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাজ্যখনৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব পি কে গোৱেলে কয় যে দুদিনীয়া সন্মিলনত প্ৰায় ৮০ টা কোম্পানীৰ প্ৰতিনিধি উপস্থিত থাকে । তাৰ ভিতৰত ত্ৰিপুৰা চৰকাৰে ৫০ খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে (50 Mous signed at Tripura summit)।

আন বহুতো কোম্পানীয়ে বিনিয়োগৰ প্ৰতি আগ্ৰহী বুলি উল্লেখ কৰে সচিব গৰাকীয়ে । আগ্ৰহী কোম্পানীসমূহৰ সৈতেও আলোচনা অব্যাহত ৰাখিছে চৰকাৰে । গোৱেলে কয় যে কোম্পানীবোৰে বাঁহ, অগৰু, ৰবৰ খেতি, তথ্য প্ৰযুক্তি, শিক্ষা, হস্তশিল্প, পৰ্যটন আদি ভিন্ন দিশত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে ।

প্ৰায় ২৫০০ কোটিৰ ৫০ খন বুজাবুজি চুক্তি স্বাক্ষৰ

টায়াৰ কোম্পানী সন্দৰ্ভত গোৱেলে কয় যে চৰকাৰে টায়াৰ কোম্পানীবোৰক সন্মিলনলৈ আমন্ত্ৰণ জনাইছিল কিন্তু কোম্পানীসমূহে এই ক্ষেত্ৰত আগ্ৰহ দেখুওৱা নাই । অৱশ্যে টায়াৰ কোম্পানীবোৰৰ এটিএমএ (ATMA) নামৰ সংস্থাটো এই সন্মিলনত উপস্থিত আছিল । সচিবগৰাকীয়ে জনোৱা মতে বুজাবুজি চুক্তিবোৰৰ ভিতৰত এটা আইটি কোম্পানীৰ সৈতে হোৱা ৫০০ কোটিৰ চুক্তি সকলোতকৈ বৃহৎ । তেওঁ জনোৱা মতে একাংশ কোম্পানীয়ে আকৌ ত্ৰিপুৰাত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে আহিছে ।

অগৰু কোম্পানী নিউলিফ নেচাৰেলৰ এগৰাকী প্ৰতিনিধিয়ে কয় যে তেওঁ নিজৰ কোম্পানীটো ত্ৰিপুৰাৰ ৰাইজক চিনাকী কৰাই দিয়াৰ উদ্দেশ্যে আহিছে । কিয়নো কোম্পানীটোৱে অগৰুৰ টীকা উৎপাদন কৰে আৰু ই সম্পূৰ্ণ জৈৱিক । ভিয়েটনামৰ এটা কোম্পানীৰ সৈতে একেলগে কাম কৰিছে আছে কোম্পানীটোৱে ।

প্ৰতিনিধিগৰাকীৰ মতে ত্ৰিপুৰাৰ অগৰুৰ খেতিয়কসকলে ইয়াৰ সৈতে পৰিচয় হোৱাৰ এক সুযোগ লাভ কৰিব । নিউলিফ নেচাৰেল'ৰ প্ৰতিনিধি অশোক ৰেড্ডীৰ মতে তেওঁ নিশ্চিত যে ত্ৰিপুৰাৰ অগৰু কৃষকসকলে এই টীকা উৎপাদন কৰি অধিক ৰাজহ উপাৰ্জনৰ এক সুন্দৰ সুযোগ পাব । লগতে বহুতো ৰোগ নিৰাময় হ'ব ।

তেওঁৰ মতে ইয়াৰ জৰিয়তে ত্ৰিপুৰা চৰকাৰে লাভজনক ব্যৱসায়ৰ সুযোগ পাব । আনহাতে প্ৰতিনিধিগৰাকীৰ মতে তেওঁলোকে ইয়াত এটা কাৰখানাও স্থাপন কৰিব বিচাৰে আৰু অগৰু কাঠৰ তেল আহৰণৰ বাবে এটা নতুন প্ৰযুক্তি প্ৰৱৰ্তন কৰিব বিচাৰে ।

লগতে পঢ়ক :Destination Tripura summit:ৰবৰ উৎপাদনকাৰী উত্তৰ-পূৱক প্ৰশংসা মন্ত্ৰী পীযুষ গোৱেলৰ

ABOUT THE AUTHOR

...view details