অসম

assam

ETV Bharat / bharat

চাৰ্জিকেল ষ্ট্ৰাইকৰ 5 বছৰ অতিক্ৰম... - Indian Govt

5 টা বছৰ অতিক্ৰম কৰিলে চাৰ্জিকেল ষ্ট্ৰাইক(Surgical Strike)য়ে ৷ উৰিত ভাৰতীয় সেনাৰ কেম্পত পাকিস্তানী সন্ত্ৰাসবাদী(Terrorist)য়ে চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ স্বৰূপে 2016 চনৰ 29 ছেপ্তেম্বৰত ভাৰতীয় সেনা(Indian Army)ই জ্বলোৱা প্ৰতিশোধৰ জুই আছিল এই চাৰ্জিকেল ষ্ট্ৰাইক ৷

5-years-of-surgical-strike
উৰিৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ 5 বছৰ

By

Published : Sep 29, 2021, 1:35 PM IST

নিউজ ডেস্ক, 29 ছেপ্তেম্বৰ : উৰি(Uri) আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতীয় সেনা(Indian Army)ই পাক সন্ত্ৰাসবাদী(Terrorist)ৰ বিৰুদ্ধে চলোৱা চাৰ্জিকেল ষ্ট্ৰাইক(Surgical Strike)য়ে আজি 5 টা বছৰ অতিক্ৰম কৰিলে ৷ 2016 চনত পাক সন্ত্ৰাসবাদীয়ে উৰিত ভাৰতীয় সেনাৰ ওপৰত কৰা আক্ৰমণ আজিও ভাৰতবাসীক শোকস্তব্ধ কৰি তোলে ৷ ইয়াৰ লগে লগে ভাৰতে চাৰ্জিকেল ষ্ট্ৰাইকৰ জৰিয়তে লোৱা প্ৰতিশোধ আছিল অতিকৈ প্ৰশংসনীয় ৷

উৰিৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ 5 বছৰ

এই প্ৰতিশোধৰ জুই ইমানেই ভয়ংকৰ আছিল যে, ভাৰতীয় সৈন্যই নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ চলাইছিল ৷ ভাৰতীয় সেনাই পাকিস্তান অধীকৃত কাশ্মীৰত সন্ত্ৰাসবাদী শিবিৰৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ চাৰ্জিকেল ষ্ট্ৰাইকটো চলাইছিল আৰু নিয়ন্ত্ৰণ ৰেখাৰ কাষতে থকা সন্ত্ৰাসবাদীৰ শিবিৰ ধ্বংস কৰিবলৈ সক্ষম হৈছিল ৷

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ অন্যতম বৃহৎ সফলতাৰ বাবে ভাৰত চৰকাৰে(Indian Govt) 2016 চনৰ পৰা 29 ছেপ্তেম্বৰৰ দিনটো ‘চাৰ্জিকেল ষ্ট্ৰাইক দিৱস’(Surgical Strike Day) হিচাপে পালন কৰি আহিছে ৷ এই ঘটনাৰ পাচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Pm Modi) সংবাদ সংস্থা ANIৰ সৈতে কৰা এক সাক্ষাৎকাৰত সামৰিক পদক্ষেপৰ কিছু বিৱৰণ প্ৰকাশ কৰিছিল ।

উৰিৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ 5 বছৰ

তেওঁ কৈছিল যে, উৰিত সন্ত্ৰাসবাদীৰ আক্ৰমণত ভাৰতীয় সৈনিকসকল শ্বহীদ হোৱাৰ ক্ষোভ উজাৰি এই চাৰ্জিকেল ষ্ট্ৰাইকৰ পৰিকল্পনা কৰা হৈছিল । চাৰ্জিকেল ষ্ট্ৰাইকক দেশৰ জনসাধাৰণৰ লগতে সশস্ত্ৰ বাহিনীয়েও আদৰণি জনাইছিল । জোৱানসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আক্ৰমণৰ তাৰিখ দুবাৰকৈ সলনি কৰা হৈছিল । তেওঁ ভাৰতীয় সৈনিকসকলক সফলতা-বিফলতাৰ বিষয়ে চিন্তা নকৰিবলৈ আৰু সূৰ্যোদয়ৰ পূৰ্বে ঘূৰি আহিবলৈ নিৰ্দেশ দিছিল ।

উৰিৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ 5 বছৰ

চৰকাৰে চাৰ্জিকেল ষ্ট্ৰাইকৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনাক মুক্তভাৱে সহযোগ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল । যিকোনো প্ৰকাৰে শ্বহীদ জোৱানসকলক ন্যায় দিয়াৰ প্ৰয়াস কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ পেৰা-কামাণ্ডো সকলৰ পূৰ্ব পৰিকল্পিত চাৰ্জিকেল ষ্ট্ৰাইকে ভাৰতীয় ‘কৌশলগত সংযম’ নীতিৰ পৰিৱৰ্তনক চিহ্নিত কৰিছিল । এই চাৰ্জিকেল ষ্ট্ৰাইকৰ পৰিণতিত পাকিস্তান অধীকৃত কাশ্মীৰ অঞ্চলত প্ৰায় 35-40 টা সন্ত্ৰাসবাদী নিহত হৈছিল ৷

উল্লেখ্য যে, 2016 চনৰ 27 ছেপ্তেম্বৰৰ নিশা প্ৰায় 10 বজাত অঞ্চলটোৰ নাগৰিকসকলক স্থানান্তৰ কৰা হৈছিল আৰু সৈন্যবাহিনীয়ে তেওঁলোকৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বে উৎক্ষেপণ পেডত থকা চেণ্ট্ৰীবোৰ স্নাইপাৰৰ দ্বাৰা নিষ্ক্ৰিয় কৰি লৈছিল । ইয়াৰ পূৰ্বে 24 ছেপ্তেম্বৰত ষ্ট্ৰাইকত ব্যৱহাৰ হ’বলগীয়া দৃষ্টিৰ সঁজুলি, টাভাৰ 21 আৰু AK-47 এছল্ট ৰাইফলেৰে সজ্জিত হৈ বিশেষ বাহিনীৰ দল নিৰ্মাণ আৰম্ভ কৰিছিল ভাৰতীয় সেনাই ৷

উৰিৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ 5 বছৰ

তাৰোপৰি, তেওঁলোকৰ সৈতে ৰকেট চালিত গ্ৰেণেড, মিছাইল, পিষ্টল, উচ্চ বিস্ফোৰক গ্ৰেনেড আৰু প্লাষ্টিক বিস্ফোৰক সামগ্ৰীও মজুত আছিল । এই পৰিকল্পনাৰে পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল ভাৰতীয় সৈন্যই ৷ চাৰ্জিকেল ষ্ট্ৰাইকৰ দুবছৰৰ অন্তত অৰ্থাৎ 2018 চনত কেন্দ্ৰীয় চৰকাৰে সৈনিকসকলৰ সাহসিকতাক সন্মান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু 29 ছেপ্তেম্বৰৰ দিনটো ‘চাৰ্জিকেল ষ্ট্ৰাইক দিৱস’ পালন কৰাৰ কথা ঘোষণা কৰে ৷

লগতে পঢ়ক :নৱজোৎ সিং সিদ্ধুৰ পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগৰ পাঁচটা কাৰণ

ABOUT THE AUTHOR

...view details