নেশ্যনেল ডেস্ক, 18 আগষ্ট:বিহাৰৰ বাক্সাৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী পাঁচ বছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে । অভিযুক্ত লোকজনৰ ভয়-ভাবুকি প্ৰদৰ্শন কৰাৰ বাবে ভুক্তভোগী পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰলৈ যাবলৈ সাহস গোটাব নোৱাৰি সংকটজনক অৱস্থাত নিৰীহ চিকিৎসকজনক ঘৰতে চিকিৎসা কৰিবলৈ বাধ্য হয়। ইটিভি ইণ্ডিয়াই এই সন্দৰ্ভত কৰ্তৃপক্ষক অৱগত কৰে, তাৰ পিছতে আলোড়নৰ সৃষ্টি হৈছে।
জিলাখনৰ ডুমৰাওন মহকুমাৰ অন্তৰ্গত ছিমৰি থানা এলেকাৰ অন্তৰ্গত এখন গাঁৱত চকলেট দিয়াৰ প্ৰলোভনেৰে 5 বছৰীয়া শিশুটিক ফোন কৰি ধৰ্ষণ কৰাৰ অভিযোগ এজন 31 বছৰীয়া যুৱকৰ বিৰুদ্ধে । ছোৱালীজনী বহুসময়লৈ অজ্ঞান হৈ পৰিছিল । কেবাঘণ্টাৰ পিছত ছোৱালীজনীয়ে চেতনা ঘূৰাই পোৱাৰ লগে লগে ঘৰত উপস্থিত হয় ৷ শিশুগৰাকীৰ পৰা এই বিষয়ে অৱগত হৈ আচৰিত হৈ পৰে পৰিয়ালটো । কিন্তু অভিযুক্তজনে প্ৰদান কৰা ভয়-ভাবুকিৰ বাবে পৰিয়ালটো থানালৈও যোৱা নাছিল লগতে চিকিৎসালয়লৈও যোৱা নাছিল ।
সংবাদ মাধ্যমৰ লোকে এই ঘটনাৰ বিষয়ে ডুমৰাওঁৰ মহকুমা আৰক্ষী বিষয়া আফক আনছাৰীক অৱগত কৰে ৷ তাৰ পিছত মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে নিজৰ তত্বাৱধানত শিশুগৰাকীক ছিমৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে । একেসময়তে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ কেইবাটাও আৰক্ষীৰ দল প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে । স্থানীয় সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি অভিযুক্তই এতিয়াও গাঁওখনতেই আত্মগোপন কৰি আছে ।