ভাৰতত আটাইতকৈ বেছি এলাৰ্জী হোৱা খাদ্যসমূহ হৈছে গাখীৰ, কণী আৰু চিনাবাদাম । আই এ পি ৰ জৰীপ অনুসৰি, 14 বছৰৰ তলৰ 11.4 শতাংশ শিশুৱে যিকোনো প্ৰকাৰৰ এলাৰ্জীত ভোগে ৷ তদুপৰি সাধাৰণতে মে’ মাহৰ আশে-পাশে এলাৰ্জীজনিত সমস্যাত ভোগা শিশুৰ সংখ্যা বৃদ্ধি পায় ৷
এলাৰ্জীৰ সাধাৰণ লক্ষণবোৰ হৈছে- নাকৰ পৰা অহৰহ পানী ওলাই থকা, হাঁচি, কাঁহ, খজুৱতি, চকু ৰঙা পৰি পানী বৈ থকা, জিভা ফুলা আৰু উশাহ-নিশাহত অসুবিধা পোৱা ইত্যাদি ৷ এই কাৰকসমূহে শৰীৰত দেখা দিয়াৰ বাবে এটা শিশুৱে যথেষ্ট কষ্ট অনুভৱ কৰে ৷ সময়ৰ লগে লগে এলাৰ্জী লাহে লাহে সংক্ৰমিত হয় ৷ অভিভাৱকসকলে এই সময়চোৱাত ধৈৰ্য ধৰাৰ প্ৰয়োজন ৷
তলত 5 টা ভিন্ন উপায় দিয়া হৈছে, যাৰ দ্বাৰা এলাৰ্জীজনিত সমস্যা কিছু পৰিমাণে ৰোধ কৰিব পৰা যায় ৷
চাপ মুক্ত কৰি ৰাখক (Do Not Stress) :
এই সময়ত চাপমুক্ত আৰু শান্ত হৈ থকাটো অতি গুৰুত্বপূৰ্ণ । আনহাতে, আতংকিত হোৱাৰো প্ৰয়োজন নাই ৷ এলাৰ্জীৰ লক্ষণবোৰৰ বিষয়ে জনাৰ পিছত, ঘৰত প্ৰাথমিক চিকিৎসা হিচাপে এণ্টি এলাৰ্জীক কীট এটা ৰখাটো প্ৰয়োজনীয় । শিশুৰোগ বিশেষজ্ঞৰ সহায়ত এই কীট তৈয়াৰ কৰি ল’ব পৰা যায় ৷
মাজে সময়ে প্ৰাকৃতিক পৰিৱেশত উমলিবলৈ দিয়ক (Let them get dirty) :
প্ৰকৃতিৰ সৈতে এটা শিশুৰ সম্পৰ্ক থকাটো নিতান্তই গুৰুত্বপূৰ্ণ । প্ৰকৃতিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ মাজে সময়ে শিশুসকলক প্ৰকৃতিৰ সৈতে উমলিবলৈ দিয়া উচিত ৷ যেতিয়াই এটা শিশুৱে প্ৰকৃতিৰ সংস্পৰ্শলৈ আহিব, তেতিয়াই শিশুটিৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি পাব ৷