অসম

assam

ETV Bharat / bharat

Juices for health: আপোনাৰ স্বাস্থ্যৰ বাবে অতি উত্তম এইকেইবিধ সেউজীয়া ৰস - গ্ৰীষ্মকাল

গ্ৰীষ্মকালত এনে খাদ্য গ্ৰহণ কৰাটো উচিত যিয়ে আপোনাক গ্ৰীষ্মকালৰ গৰমৰ পৰা আপোনাক সকাহ দিয়াত সহায় কৰে । এই বতৰত সেউজীয়া শাক-পাচলিৰ ৰস সেৱন কৰাটো অতি উপকাৰী বুলি গণ্য কৰা হয় । ই আপোনাৰ স্বাস্থ্যৰ বাবে কেনেদৰে উপকাৰ সাধন কৰে জানো আহক ।

5 types of green juice, many diseases will remain far away
আপোনাৰ স্বাস্থ্যৰ বাবে অতি উত্তম এইকেইবিধ সেউজীয়া ৰস

By

Published : Apr 3, 2023, 4:36 PM IST

গৰমৰ পৰা সকাহ পাবলৈ মানুহে খাদ্য তালিকাত বিভিন্ন বস্তু অন্তৰ্ভুক্ত কৰে(Green Juice Benefits) । এই বতৰত ফিট হৈ থাকিবলৈ খাদ্যৰ প্ৰতি বিশেষ যত্ন ল’ব লাগে । গ্ৰীষ্মকালত আমি ডিহাইড্ৰেচন, খাদ্য সঠিকভাৱে হজম নকৰাৰ দৰে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়(green juice for weight loss)। এনে পৰিস্থিতিত সেইসমূহ বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ, যাতে এই বতৰত হোৱা সমস্যাবোৰ দূৰ কৰিব পাৰে । আজি আমি আপোনালোকক ক'ম কিছুমান বিশেষ সেউজীয়া ৰসৰ বিষয়ে, পান কৰা যিয়ে আপোনাক শক্তিশালী অনুভৱ কৰাব(green juice recipes for detox)। জানো আহক...

এলোভেৰাৰ ৰস

এলোভেৰাৰ ৰসত ঔষধি গুণ আছে(Aloe vera juice)। ইয়াক সেৱন কৰিলে বহুতো ডাঙৰ ডাঙৰ ৰোগৰ পৰা হাত সাৰিব পাৰি । ইয়াত ভিটামিন-A, ভিটামিন-C, ছডিয়াম, আইৰণ, কেলচিয়াম আদি মৌল থাকে(green juice ingredients and benefits)। শৰীৰৰ বহু সমস্যা দূৰ কৰাৰ লগতে ইয়াক ছালৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয় । গ্ৰীষ্মকালত ইয়াক খালে গোটেই দিনটো সতেজতা অনুভৱ কৰিব পাৰি ।

কুঁহিয়াৰৰ ৰস

কুঁহিয়াৰৰ ৰসক গ্ৰীষ্মকালীন ছুপাৰ এনাৰ্জি ড্ৰিংক বুলি গণ্য কৰা হয়(green juice benefits)। ই আপোনাক সতেজ কৰে আৰু বহুতো ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে(sugarcane)। ইয়াত আঁহ, কেলচিয়াম, পটাছিয়াম আৰু অন্যান্য পুষ্টিকৰ উপাদান পোৱা যায় । এই সেউজীয়া ৰসে আপোনাক পানীলগাৰ পৰা ৰক্ষা কৰে, ইয়াৰ উপৰিও ই পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে(Can I drink green juice 3 times a day)।

জাতিলাওৰ ৰস

জাতিলাও স্বাস্থ্যৰ বাবে কোনো বৰদানতকৈ কম নহয় । ইয়াৰ ৰস সমানেই উপকাৰী । ইয়াত ভিটামিন-C, ফছফৰাছ, আইৰণ আদি মৌল থাকে সেয়ে আপোনাৰ দৈনন্দিন খাদ্যৰ তালিকাত জাতিলাওৰ ৰস অন্তৰ্ভুক্ত কৰিব পাৰে । ইয়াক পান কৰিলে বহু সমস্যাৰ পৰা সকাহ পাব পাৰি ।

কেৰেলা ৰস

তিতা কেৰেলাৰ সোৱাদ যিমানেই তিতা হয় সিমানেই স্বাস্থ্যৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয় । ডায়েবেটিছ ৰোগীৰ বাবে তিতা কেৰেলাৰ ৰস এবিধ ঔষধৰ দৰেই(Which green juice is good for health)। ইয়াক সেৱন কৰিলে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস যথেষ্ট হ্ৰাস কৰিব পৰা যায় ।

পালেং শাকৰ ৰস

গৰমৰ দিনত চিকিৎসকে সেউজীয়া শাক খোৱাৰ পৰামৰ্শ আগবঢ়াইছে । এনে পৰিস্থিতিত পালেং শাকৰ ৰসো খাদ্য আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে(Spinach juice)। ই শৰীৰক হাইড্ৰেট কৰাৰ লগতে ৰক্তহীনতাও দূৰ কৰে ।

লগতে পঢ়ক:Bitter gourd benefits: সোৱাদত তিতা হ'লেও আপোনাৰ স্বাস্থ্যৰ বাবে বৰদান কেৰেলা

ABOUT THE AUTHOR

...view details