পাকিস্তানত ২০ বছৰ কাৰাবাস খাটি স্বদেশলৈ ওড়িশাৰ বিৰজু কুলু সন্ধানহীন
শনিবাৰে নিশাৰ পৰা নিৰুদ্দিষ্ট হৈ আছে উৰিষ্যাৰ বিৰজু কুলু । ২০ বছৰ ধৰি পাকিস্তানত কাৰাবন্দীৰ জীৱন কটোৱা ওড়িশাৰ কটংগাৰ বিৰজু কুলু বিগত বৰ্ষৰ নৱেম্বৰ মাহত স্ব-গৃহত উপস্থিত হৈছিল । চোৰাংচোৱা বুলি সন্দেহ কৰি পাকিস্তানত কাৰাদণ্ড বিহিছিল ৫০ বছৰীয়া বিৰজুক ।
জুক’ ভেলীৰ বনজুইত মৃত্যু নাগালেণ্ডৰ ৰাজ্যিক চৰাই ট্ৰাগ’পানৰ
নাগালেণ্ডৰ সুন্দৰ শান্ত সেউজীয়া পৰিৱেশৰ মাজত থকা জুক’ ভেলীৰ বিধ্বংসী বনজুইয়ে 5 দিনত ভৰি দিছে ৷ ভাৰতীয় বায়ুসেনাই ক্ৰমাগতভাৱে অভিযান অব্য়াহত ৰাখিছে যদিও বনজুইয়ে এফালৰ পৰা পুৰি নিঃশেষ হৈছে শতাধিক পৰিমানৰ নাগালেণ্ডৰ ৰাজ্যিক চৰাই ট্ৰাগ’পানৰ ৷
বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ চলিহালৈ ২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, পণ্ডিত, গৱেষক, অধ্যাপক ভৱপ্ৰসাদ চলিহাক 2020 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হয় ৷ তেওঁৰ অনুপস্থিতিত তেওঁৰ পত্নী নন্দিতা চলিহাই গ্ৰহণ কৰে বঁটা ৷
চিকিৎসকবিহীন পৰিত্যক্ত অৱস্থাত থকা লখিমপুৰৰ এখন হাস্পতাল
লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলবাৰীৰ দহখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত নাই কোনো চিকিৎসক, নাৰ্চ ৷ শীঘ্ৰেই হাস্পতালখনত চিকিৎসক, নাৰ্চক নিযুক্তি দিয়াৰ বাবে দাবী জনাইছে ফুলবাৰীবাসীয়ে ।
2022 চনত প্ৰকাশ পাব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বহুভাষিক অভিধান
2022 চনত প্ৰকাশ পাব এঘাৰটা ভাষাত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বহুভাষিক অভিধান ৷ বড়ো, তিৱা, কাৰ্বি , দেউৰী, ডিমাচা, ৰাভা, গাৰো আৰু মিচিং মুঠ 8 টা ভাষাৰ লগতে অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাতো প্ৰকাশ পাব এই বহুভাষিক অভিধানখন ৷