অসম

assam

By

Published : Dec 29, 2020, 5:00 PM IST

ETV Bharat / bharat

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

5 বজাৰ দহটা শীৰ্ষ বাতৰি
5 বজাৰ দহটা শীৰ্ষ বাতৰি

শিৱসাগৰৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব অখিল গগৈয়ে

2021 চনৰ বিধানসভা নিৰ্বাচন কৃষক নেতা অখিল গগৈ শিৱসাগৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিলে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক লোহিত গগৈয়ে ৷

অজন্তা নেওগৰ বিজেপি গমনক লৈ ৰকিবুল ইছেইনৰ মন্তব্য

অজন্তা নেওগৰ বিজেপি গমন সন্দৰ্ভত ৰকিবুল হুছেইনৰ মন্তব্য ৷ অজন্তা নেওগ সন্দৰ্ভত বহু প্ৰশ্নৰ উত্থাপন কৰিলে ৰকিবুল হুছেইনে ৷

স্বাস্থ্যমন্ত্ৰীয়ে তিনি হাজাৰ টকাত ঘৰ চলাই দেখুৱাওকঃ আশাকৰ্মী

স্বাস্থ্যমন্ত্ৰীয়ে তিনি হাজাৰ টকাত ঘৰ চলাই দেখুৱাওক । আমি কৰা কষ্ট বিনিময়ত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা বাহ-বাহ লৈছে । আমাক কৰা প্ৰতাৰণা হিচাপ আগন্তুক নিৰ্বাচনত দিম বুলি হুংকাৰ প্ৰদান আশাকৰ্মীৰ ।

কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ত সজাগতামূলক অনুশীলন

বিটিচি প্ৰধান গৰাকীৰ নিৰ্দেশমৰ্মে মঙলবাৰে চিৰাঙৰ সদৰস্থিত কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ৰ চিকিৎসাকৰ্মীসকলৰ মাজত, জৰুৰীকালীন পৰিস্থিতিত সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা সন্দৰ্ভত অনুশীলন প্ৰদান কৰে এচ ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনী কৰ্তৃপক্ষই ৷

COVID-১৯ঃ ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা ২০,০০০জনতকৈ হ্ৰাস

কৰ'ণাৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণৰ ভয়াৱহতাৰ মাজতো ভাৰতত চলিত মাহত তৃতীয়বাৰৰ বাবে দৈনিক আক্ৰান্তৰ সংখ্যা ২০,০০০ জনতকৈ হ্ৰাস । ২৯ ডিচেম্বৰলৈকে ভাৰতত COVID-১৯ত আক্ৰান্ত হৈছে মুঠ ১,০২,২৪,৩০৩ জন লোক । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে, আজি পৰ্যন্ত মুঠ ১৬,৯৮,০১,৭৪৯ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ।

বিশিষ্ট সাহিত্যক কনকসেন ডেকালৈ ড৹ময়িদুল ইছলাম বৰা সাহিত্য বঁটা

বিশিষ্ট সাহিত্যক কনকসেন ডেকালৈ ড৹ময়িদুল ইছলাম বৰা সাহিত্য বঁটা ৷ অৰুণোদয় সাহিত্য সভা আৰু ড৹ ময়িদুল ইছলাম বৰা স্মৃতিৰক্ষা সমিতিৰ যুগ্ম উদ্যোগত 2020 বৰ্ষৰ এই বঁটাৰ বাবে মনোনিত কৰা হয় কনকসেন ডেকাক ৷

পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

কৰিমগঞ্জত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী । পাথাৰকান্দিৰ বাইপাছ এলেকাত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷

মাইক্ৰ'ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদ

মাইক্ৰ'ফাইনেন্স কোম্পানীৰ শোষণৰ বিৰোধিতাৰে টীয়কত ৩টাকৈ সংগঠনৰ উদ্যোগত প্ৰতিবাদ । প্ৰতিবাদী শ্ল'গানেৰে উত্তাল টীয়কৰ ৰাজপথ । সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, সন্মিলিত নাৰী অধিকাৰ সংগ্ৰাম সমিতি, মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদী সমদল ।

দিল্লী-নয়দা সংযোগী পথৰ ওপৰতে প্ৰতিবাদকাৰী কৃষকৰ যোগাসন

তিনিখনকৈ কষি আইনৰ বিৰুদ্ধে দেশৰ কৃষক সকলে যোৱা 28 দিনে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি আছে ৷ সোমবাৰে ৰাতিপুৱা চিল্লা সীমান্তৰ দিল্লী-নয়দা সংযোগী পথৰ ওপৰতে প্ৰতিবাদকাৰী কৃষকসকলে যোগাসন কৰে ৷

শোণিতপুৰত কোভিড ১৯ প্ৰতিষেধকৰ অনুশীলন সমাপ্ত

অন্ত পৰিল কোভিড 19 প্ৰতিষেধকৰ সম্পৰীক্ষা ৷ শোণিতপুৰৰ 5 টা স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষণমূলক কাৰ্য ৷

ABOUT THE AUTHOR

...view details