শিশু ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ বিশ্বনাথ জিলা আদালতৰ
বিশ্বনাথ চাৰিআলি অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ফাঁচীৰ নিৰ্দেশ দিলে শিশু ধৰ্ষণকাৰীক ।
জ্যেষ্ঠ কংগ্ৰেছ নেতা মতিলাল বোৰাৰ দেহাৱসান
সোমবাৰে দিল্লীৰ ফৰ্টিছ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে 93 বৰ্ষীয় জ্যেষ্ঠ কংগ্ৰেছ নেতা মতিলাল বোৰাই ৷ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ উপৰিও চলিত বৰ্ষৰ এপ্ৰিললৈ ছত্তিশগড়ৰ পৰা ৰাজ্যসভাৰ সদস্য আছিল কংগ্ৰেছ নেতাগৰাকী ৷
এশ টকা দিলেই ক’ত পাই অৰুণোদয় আঁচনিৰ ধন ?
অৰুণোদয় আঁচনিৰ নামত বঙাইগাঁৱত অবাধ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,গাঁওখনৰ পঞ্চায়ত সদস্যা লিপিকা দাসে আঁচনি খনৰ বাবদ হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰিছে ধন ৷ ধন নিদিলে হিতাধিকাৰীক ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে পঞ্চায়ত সদস্যা গৰাকীৰ বিৰুদ্ধে ৷
ভাৰতত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য
২০ ডিচেম্বৰলৈকে আইচিএমআৰৰ তথ্য অনুসৰি ১৬,২০,৯৮,৩২৯ টা সংগ্ৰহিত নমুনাৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে ৷ দেওবাৰৰ দিনটোত ৯,০০,১৩৪ টা নমুনাৰ পৰীক্ষা সম্পন্ন হয় ৷
দায়িত্বভাৰ গ্ৰহণ কৰিয়েই চাডেন ভিজিট বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ
বিটিআৰৰ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্বভাৰ লৈয়ে চাডেন ভিজিট আৰম্ভ কৰিছে প্ৰমোদ বড়োৱে ৷ সোমবাৰে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়ৰ লগতে কোকৰাঝাৰৰ নলাসমুহ পৰিদৰ্শন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে ৷ কিন্তু পৰিদৰ্শন কৰি ক্ষোভিত আৰু হতবাক হৈ পৰে প্ৰমোদ বড়ো ৷