নেশ্যনেল ডেস্ক,৩ এপ্ৰিল :ঝাৰখণ্ডত মাওবাদীৰ সন্ত্ৰাস অব্যাহত আছে (Maoist terror in Jharkhand)। তাৰ মাজতে নিৰাপত্তা বাহিনীয়ে মাওবাদী বিৰোধী অভিযান অব্যাহত ৰাখিছে । সোমবাৰে পুনৰ ঝাৰখণ্ডত মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ । ঝাৰখণ্ডৰ পালামু-চাত্ৰা সীমান্তৰ এই সংঘৰ্ষত ৫ টা মাওবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে (5 Maoist killed in Jharkhand)। তাৰ ভিতৰত দুজনৰ বিৰুদ্ধে পূৰ্বে ২৫ লাখ টকা আৰু আন দুজনৰ বিৰুদ্ধে ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল । নিৰাপত্তা বাহিনীয়ে ঘটনাস্থলীৰ পৰা দুটা একে-৪৭ ৰাইফল উদ্ধাৰ কৰিছে ।
পালামু আৰু চাত্ৰাৰ সীমান্তৱৰ্তী অঞ্চলটোত জিলা আৰক্ষী বাহিনীৰ সৈতে চিআৰপিএফৰ বিশেষ কোব্ৰা বেটেলিয়ন, ঝাৰখণ্ড সশস্ত্ৰ আৰক্ষী (জেএপি) আৰু ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়ন (আইআৰবি)ৰ এটা দলে যুটীয়া অভিযান চলাইছিল (Security forces operation against Maoist)। সেই সময়তে অঞ্চলটোত দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয় । বহু সময় ধৰি চলা গুলীয়াগুলিৰ অন্তত ৫ মাওবাদী নিহত হয় । এতিয়াও সমগ্ৰ অঞ্চলটোত অনুসন্ধান অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে ।