অসম

assam

ETV Bharat / bharat

বিশ্বৰ 5 খন সৰ্বাধিক কৰ’ণা আক্ৰান্ত দেশ

বৰ্তমান কৰ'ণাৰ সংক্ৰমণ সৰ্বাধিক হোৱা দেশসমূহৰ তালিকাত দ্বিতীয় স্থানত আছে ভাৰত । ব্ৰাজিল, ৰাছিয়া, ইটালী আৰু ইংলেণ্ডতকৈও ভাৰতত অধিক লোক আক্ৰান্ত হৈছে মহামাৰীত । ১৫.৬ নিযুতৰো অধিক লোক মহামাৰীৰ কবলত পৰিছে । বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত নতুনকৈ ২,৯৫,০৪১ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । নতুনকৈ আক্ৰান্ত হোৱা লোকসহ বৰ্তমানলৈকে দেশত ১,৫৬,১৬,১৩০ জন লোক আক্ৰান্ত হৈছে মহামাৰীত ।

কৰ'ণা সংক্ৰমণ সৰ্বাধিক হোৱা দেশসমূহৰ তালিকাত দ্বিতীয় স্থানত আছে ভাৰত
কৰ'ণা সংক্ৰমণ সৰ্বাধিক হোৱা দেশসমূহৰ তালিকাত দ্বিতীয় স্থানত আছে ভাৰত

By

Published : Apr 21, 2021, 3:50 PM IST

নেশ্যনেল ডেস্ক,২১ এপ্ৰিল: বিশ্বজুৰি কৰ'ণা আক্ৰান্তৰ সংখ্যাই ১৪০.৪ নিযুত অতিক্ৰম কৰিছে । জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি, মহামাৰীৰ কবলত পৰি ৩ নিযুতৰো অধিক লোকৰ মৃত্যু হৈছে । কৰ'ণা সংক্ৰমণ আটাইতকৈ হোৱা দেশসমূহৰ তালিকাত দ্বিতীয় স্থানত আছে ভাৰত । আক্ৰান্তৰ সংখ্যাৰ দিশৰ পৰা ব্ৰাজিল, ৰাছিয়া, ইটালী আৰু ইংলেণ্ডকো চেৰ পেলাইছে ভাৰতে । ভাৰতত ১৫.৬ নিযুতৰো অধিক লোক মহামাৰীৰ কবলত পৰিছে ।

বুধবাৰে প্ৰকাশ হোৱা তথ্য অনুসৰি, ভাৰতত নতুনকৈ ২,৯৫,০৪১ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । বৰ্তমানলৈকে দেশত ১,৫৬,১৬,১৩০ জন লোক আক্ৰান্ত হৈছে মহামাৰীত আৰু দেশত এতিয়া ২১,৫৭,৫৩৮টা ঘটনা সক্ৰিয় হৈ আছে । কৰ'ণা সংক্ৰমণ সৰ্বাধিক হোৱা দেশসমূহৰ তালিকাত প্ৰথম স্থানত থকা আমেৰিকাত এতিয়ালৈকে ৩১.৭ নিযুত লোক আক্ৰান্ত হৈছে । জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি, দেওবাৰৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰত ৩১,৭৯৩,০৩৫ টা নতুন আক্ৰান্তৰ ঘটনা পঞ্জীয়ন কৰা হৈছে ।

মহামাৰীত আক্ৰান্ত হৈ আমেৰিকাত ৫,৬৮,৪৭০ জন লোকে প্ৰাণ হেৰুৱাইছে । এই তালিকাৰ দ্বিতীয় স্থানত থকা ভাৰতত যোৱা ২৪ ঘণ্টাত ২,৯৫,০৪১ জন লোক মহামাৰীৰ কবলত পৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা, পঞ্জাৱ আৰু ছত্তিশগড়ত আটাইতকৈ অধিক সংক্ৰমণ হৈছে । ভাৰতৰ পিছতে সৰ্বাধিক সংক্ৰমণ হোৱা দেশ হৈছে ব্ৰাজিল । দেশখনৰ ১৪,০৪৩,০৭৬ জন লোক মহামাৰীৰ কবলত পৰিছে ।

দেশখনত এতিয়ালৈকে ৩,৭৮,০০৩ জন লোকৰ মৃত্যু হৈছে । আনহাতে, সংক্ৰমণৰ ক্ষেত্ৰত চতুৰ্থ স্থানত থকা ফ্ৰান্সত বৰ্তমানলৈকে প্ৰায় ৫.৩ নিযুত লোক মহামাৰীত আক্ৰান্ত হৈছে । জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি, দেশখনত মৃত্যুৰ সংখ্যা ১,০১,৭১৩ জনলৈ বৃদ্ধি পাইছে । ইফালে, ৰাছিয়াত ৪,৬৬৫,৫৫৩ জনৰো লোক আক্ৰান্ত হৈছে মহামাৰীত । কালৰূপী কৰ'ণাই প্ৰাণ কাঢ়িছে দেশখনৰ ১০৪,৫৪৫ জন লোকৰ । অৱশ্যে দেশখনত বিগত মাহৰ পৰা আক্ৰান্তৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক: কৰ'ণাসৃষ্ট পৰিৱেশৰ ফলত হতাশাত ত্ৰিপুৰাৰ চাকৰি প্ৰত্যাশী

ABOUT THE AUTHOR

...view details