নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: দেশত কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কৰ'ণাৰ দ্বিতীয় ঢৌত জৰ্জৰিত হৈ পৰিছে দেশ । দেশৰ ভিন্ন প্ৰান্তত কেতবোৰ মৰ্মান্তিক ছবি দেখিবলৈ পোৱা গৈছে । এইবাৰ মহাৰাষ্ট্ৰত দেখা গৈছে এক মৰ্মান্তিক ছবি । কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্য । পৰিয়ালটোৰ আটাইকেইগৰাকী সদস্য কৰ'ণাত আক্ৰান্ত হৈ এসপ্তাহৰ ভিতৰতে মৃত্যু হোৱা ঘটনাই ৰাজ্যখনৰ নাছিকৰ ইয়োলা তালুকাৰ ৰাজাপুৰ গাঁৱত ভয় আৰু শংকাৰ সৃষ্টি কৰিছে ।
কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্য - নাছিকৰ ইয়োলা তালুকাৰ ৰাজাপুৰ গাঁও
দেশৰ ভিতৰত বিশেষকৈ মহাৰাষ্ট্ৰত ক'ৰণাৰ নতুন ঢৌৰ প্ৰকোপ সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে ৷ মহাৰাষ্ট্ৰৰ নাছিকৰ ইয়োলা তালুকাৰ ৰাজাপুৰ গাঁৱত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্য ।

কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্য
উল্লেখ্য যে, দেশৰ ভিতৰত বিশেষকৈ মহাৰাষ্ট্ৰত ক'ৰণাৰ নতুন ঢৌৰ প্ৰকোপ সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে ৷ যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰৰ ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে আক্ৰান্ত ৯,৯৫৬ গৰাকী ৷ ইয়াৰ বিপৰীতে মৃত্যু হোৱাৰ সংখ্যা হৈছে ১১৪ গৰাকী ৷ যোৱা ২৪ ঘণ্টাত ক’ভিডৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা হৈছে ৮,১৭৫ গৰাকী ৷
লগতে পঢ়ক: চিবিআইৰ প্ৰাক্তন সঞ্চালক ৰঞ্জিত সিন্হাৰ পৰলোকপ্ৰাপ্তি