অসম

assam

ETV Bharat / bharat

Summer Drinks: গ্ৰীষ্মকালত নিজকে উত্তাপৰ পৰা ৰক্ষা কৰিবলৈ গ্ৰহণ কৰক এই ৫ বিধ স্বাস্থ্যকৰ পানীয়

উষ্ণতা বৃদ্ধিৰ লগে লগে গ্ৰীষ্মকাল আৰম্ভ হৈছে । প্ৰতিটো ঋতুতে নিজকে সুস্থ কৰি ৰাখিবলৈ খাদ্যাভ্যাস সলনি কৰাটো প্ৰয়োজনীয় । এনে পৰিস্থিতিত এই বতৰত শীতল পানীয়ৰ পৰিৱৰ্তে এই দেশীয় পানীয়ৰে নিজকে সুস্থ কৰি ৰাখক ।

By

Published : Feb 23, 2023, 5:25 PM IST

5 healthy drinks to beat the heat in summer season
গ্ৰীষ্মকালত নিজকে উত্তাপৰ পৰা ৰক্ষা কৰিবলৈ গ্ৰহণ কৰক এই ৫বিধ স্বাস্থ্যকৰ পানীয়

শীতকালৰ অন্ত পৰাৰ লগে লগে গ্ৰীষ্মকালৰ আগমণ ঘটিছে । কিছুদিনৰ পাছত গ্ৰীষ্মকাল আৰম্ভ হ’বলৈ গৈ আছে । পৰিৱৰ্তিত বতৰটোৱে আমাৰ জীৱনতো বহু পৰিৱৰ্তন আনে । গ্ৰীষ্মকালত নিজকে সুস্থ কৰি ৰাখিবলৈ মানুহে খাদ্য আৰু কাপোৰৰ বহু বিশেষ পৰিৱৰ্তন কৰে (Summer Drinks)। গ্ৰীষ্মকালত ৰ'দৰ উত্তাপৰ বাবে প্ৰায়ে মানুহ অসুস্থ হৈ পৰে । এই কাৰণেই গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ হ’লে শৰীৰত প্ৰচুৰ পৰিমাণে পানী যোগান ধৰিব লাগে (5 healthy drinks for summer season)।

লগতে, ৰ’দ আৰু গৰমৰ পৰা নিজকে ৰক্ষা কৰিবলৈ মানুহে প্ৰায়ে শৰীৰ শীতল কৰিবলৈ শীতল পানীয় আদি গ্ৰহণ কৰে । কিন্তু শীতল পানীয় সেৱনে আমাৰ স্বাস্থ্যৰ ক্ষতিসাধন কৰিব পাৰে (Which drink is good for summer season?)। এনে পৰিস্থিতিত থলুৱা পানীয়ৰ সহায়ত গৰমৰ দিনত আপুনি নিজকে উত্তাপৰ পৰা ৰক্ষা কৰিব পাৰে । গতিকে এনে কিছুমান থলুৱা পানীয়ৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-

আম পান্না

যদি আপুনি গ্ৰীষ্মকালত অধিক উত্তাপ অনুভৱ কৰে বা আপুনি নিজকে উত্তাপৰ পৰা ৰক্ষা কৰিব বিচাৰে, তেন্তে আম পান্না ইয়াৰ বাবে এক উত্তম পানীয় বুলি প্ৰমাণিত হ’ব পাৰে । কেঁচা আমৰ গুড়িৰ পৰা তৈয়াৰী এই পানীয়ই আপোনাক গৰমৰ পৰা ৰক্ষা কৰে । ভিটামিন Cৰ দৰে বহু পুষ্টিকৰ উপাদানৰে সমৃদ্ধ আম পান্না শৰীৰৰ বাবে অত্যন্ত উপকাৰী । ইচ্ছা কৰিলে পদিনা আৰু জিৰাৰ লগতো সেৱন কৰিব পাৰে(What are the top 10 healthy drinks?)।

বেলৰ চৰবত

বেলৰ চৰবত এবিধ গ্ৰীষ্মকালীন পানীয়, ই বহু পুষ্টিকৰ উপাদানৰে সমৃদ্ধ । গৰমৰ দিনত বিটা-কেৰটিন, প্ৰটিন, ভিটামিন C, B1, B2, কেলচিয়াম, পটাছিয়াম আৰু আঁহযুক্ত বেলৰ চৰবত সেৱন কৰিলে শৰীৰৰ বহু উপকাৰ সাধন হয় । কেৱল এই চৰবতে আপোনাক উত্তাপৰ পৰা ৰক্ষা কৰাই নহয় বৰঞ্চ ই হজম শক্তিৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয় ।

চাতুৰ চৰবত

গ্ৰীষ্মকালত বেছিভাগ লোকেই শৰীৰটো শীতল কৰি ৰাখিবলৈ চাতু চৰবত ব্যৱহাৰ কৰে । কেলৰি, কাৰ্ব, প্ৰ'টিন আৰু ফাইবাৰেৰে সমৃদ্ধ এই চৰবতে গ্ৰীষ্মকালত আপোনাক উত্তাপৰ পৰা ৰক্ষা কৰাত অতি সহায়ক বুলি প্ৰমাণিত হ’ব । ইয়াত এনে বহু উপাদান পোৱা যায়, যিয়ে শৰীৰক উত্তাপৰ পৰা ৰক্ষা কৰে । ইয়াৰ লগতে এনাৰ্জী ড্ৰিংকৰ ৰূপতো শৰীৰক শক্তি প্ৰদান কৰে ।

কুঁহিয়াৰৰ ৰস

গৰমৰ দিনত নিজকে সুস্থ কৰি ৰাখিবলৈ বহু লোকে কুঁহিয়াৰৰ ৰস সেৱন কৰে । গৰমৰ পৰা ৰক্ষা পোৱাতো কুঁহিয়াৰৰ ৰসে সহায় কৰে । ইয়াত থকা প্ৰচুৰ পৰিমাণৰ আইৰণ, কেলৰি, চেনি আৰু আঁহ আদিয়ে গ্ৰীষ্মকালত আমাক সুস্থ কৰি ৰখাত সহায় কৰে ।

ডাবৰ পানী

যদি আপুনি গ্ৰীষ্মকালত নিজকে উত্তাপৰ ৰক্ষা কৰিব বিচাৰে তেন্তে ডাবৰ পানীয়ে আপোনাক সহায় কৰিব পাৰে ৷ ডাবৰ পানী বিভিন্ন মিনাৰেলছেৰে সমৃদ্ধ ৷ যিয়ে শৰীৰত পানীৰ অভাৱ হ'বলৈ নিদিয়ে ৷

লগতে পঢ়ক:Protien Rich Vegetarian Foods: কেৱল মাছ-মাংসই নহয়, প্ৰচুৰ পৰিমাণৰ প্ৰ'টিনৰে সমৃদ্ধ এই ৭বিধ নিৰামিষ খাদ্য

ABOUT THE AUTHOR

...view details