নেশ্যনেল ডেস্ক,৫ মে' :জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ ৫ সেনা জোৱান (Five Army personnel killed in Jammu and Kashmir)। নৰ্ডাৰ্ণ কমাণ্ডে জনোৱা মতে এই আক্ৰমণত পাঁচগৰাকী জোৱানৰ মৃত্যু হোৱাৰ লগতে এগৰাকী জোৱান আহত হৈছে । জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত তালাচীৰ অভিযানৰ সময়তে সন্ত্ৰাসবাদীয়ে বোমা নিক্ষেপ কৰে ।
ৰাজৌৰী জিলাৰ কান্দি অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হৈছিল (Encounter between militants and security forces)। জম্মুৰ এডিজিপি মুকেশ সিঙে এই কথা নিশ্চিত কৰি কয় যে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ যুটীয়া বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰিছে ।
উল্লেখ্য যে নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য পোৱাৰ পাচতে অঞ্চলটো ঘেৰাও কৰে । তেতিয়াই দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । জানিব পৰা মতে অতিৰিক্ত দলক এনকাউণ্টাৰৰ স্থানলৈ প্ৰেৰণ কৰা হৈছে । আনহাতে আহত সেনা জোৱানক উধমপুৰৰ কমাণ্ড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । সেনাৰ শীৰ্ষ বিষয়াই জনোৱা মতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ এটা দল আৱদ্ধ হৈ আছে । সন্ত্ৰাসবাদী দলটোৰো সদস্য হতাহত হোৱাৰ সম্ভাৱনা আছে । এনকাউণ্টাৰ এতিয়াও অব্যাহত আছে (Encounter in Rajouri)।