নিউজ ডেস্ক, 4 ডিচেম্বৰ: আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যোৱা বৃহস্পতিবাৰে প্ৰায় ৪৫ লাখ টকাৰ সোণ উদ্ধাৰ কৰা হয়(Gold seized from Toilet of Ahmedabad Airport) ৷ বিমানবন্দৰত হাউচকিপিং চুপাৰভাইজাৰ হিচাপে কাম কৰা হৰবিন্দৰ নাৰুকা নামৰ কৰ্মচাৰীজনে উদ্ধাৰ কৰিছিল সোণখিনি ৷ তেওঁ শৌচাগাৰৰ এটা ফ্লাছ টেংকৰ ভিতৰৰ পৰা সোণখিনি উদ্ধাৰ কৰে ৷ এই সন্দৰ্ভত হৰবিন্দৰে লগে লগে বিমানবন্দৰ কৰ্তৃপক্ষক অৱগত কৰে ৷ বিমানবন্দৰ কৰ্তৃপক্ষই সোণখিনি উদ্ধাৰ কৰি পাছত শুল্ক বিভাগক হস্তান্তৰ কৰে ৷
বিমানবন্দৰ কৰ্তৃপক্ষই পাচত হৰবিন্দৰ নাৰুকাক এই সততাৰ বাবে পুৰস্কৃত কৰে ৷ তেওঁলোকে নাৰুকাক চাৰ্টিফিকেট অৱ অনাৰেৰে সন্মানিত কৰে ৷ তেওঁৰ সততাৰ বিষয়ে বিয়পি পৰাত সকলোৱে তেওঁৰ সততাক শলাগ লয় আৰু বিগত দুদিন ধৰি চহৰখনৰ এই বিষয়ে সৰৱ চৰ্চা চলিছে ৷ তেওঁৰ পৰা এই সন্দৰ্ভত জানিব বিচৰাত তেওঁ কয় যে, "যিটো বস্তু মোৰ নহয়, সেইটো মই কিয় ৰাখিব লাগে ।"
হৰবিন্দৰ নাৰুকা ৰাজস্থানৰ আলৱাৰৰ বাসিন্দা ৷ তেওঁ 1 ডিচেম্বৰত আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত(Sardar Vallabhbhai Patel International Airport) হাউচকিপিং চুপাৰভাইজাৰৰ হিচাপে চাকৰিত যোগদান কৰে । তেওঁৰ দেউতাকৰ পৰিবহনৰ ব্যৱসায় আছে ৷ তেওঁৰ মাতৃ এগৰাকী গৃহিনী আৰু তেওঁৰ ভগ্নী পিতৃ-মাতৃৰ লগত ঘৰতে থাকে ৷ হৰবিন্দৰ নাৰুকাই বিজ্ঞান শাখাত স্নাতক কৰাৰ পাছত জয়পুৰত কাম কৰিছিল ৷ ইয়াৰ পাছত তেওঁ আহমেদাবাদ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হাউচকিপিং চুপাৰভাইজাৰৰ চাকৰিটো লাভ কৰে ৷