নিউজ ডেস্ক,১৮ ফেব্ৰুৱাৰী:দিল্লীত বৃহৎ পৰিমাণৰ গুলী উদ্ধাৰ । দেশৰ ৰাজধানীত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৪ হাজাৰ ৫০০ টা গুলী আৰু অস্ত্ৰ-শস্ত্ৰ সৰবৰাহত জড়িত দুস্কৃতিকাৰীৰ এটা দলক গ্ৰেপ্তাৰ কৰে । ঘটনাৰ অভিযুক্ত কেইজন ক্ৰমে ৰমেশ, দিপাঞ্চু, ইকৰাম, মনোজ কুমাৰ আৰু অমিত । ডিচিপি সঞ্জীৱ যাদৱৰ নেতৃত্বত এটা বিশেষ দলে অভিযান চলাই অস্ত্ৰ আৰু গোলাবাৰুদৰ সৰবৰাহ সৈতে জড়িত দলটোক আটক কৰিবলৈ সক্ষম হয় ।
দিল্লীত কেইবাহাজাৰ গুলীসহ আটক ৬ জন লোক - ৬ জনকৈ অস্ত্ৰ শস্ত্ৰ সৰবৰাহকাৰী
দিল্লী আৰক্ষীয়ে বুৰাৰী অঞ্চলত অভিযান চলাই ৪ হাজাৰ ৫০০ টা গুলী জব্দ কৰাৰ লগতে আটক কৰে ৬ জনকৈ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহকাৰী ।
দিল্লীত কেইবাহাজাৰ গুলীসহ আটক ৬ জন লোক
বুৰাৰী অঞ্চলত এজন সৰবৰাহকাৰীয়ে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিব বুলি এক খবৰ লাভ কৰিছিল আৰক্ষীয়ে আৰু এই খবৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:বাজেট অধিৱেশনক লৈ উত্তৰ প্ৰদেশ বিধানসভাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা