নিউজ ডেস্ক, ১৫ মাৰ্চ :গৃহ মন্ত্ৰালয়ে ৰাজ্যসভাত প্ৰদান কৰা তথ্য অনুসৰি, ২০২০-২০২২ বৰ্ষৰ ভিতৰত ২০২০ বৰ্ষত ১৪৪ জন, ২০২১ চনত ১৫৭ জন আৰু ২০২২ চনত ১৩৫ জনকে ধৰি কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (Central Armed Police Forces, CAPF), অসম ৰাইফলছ (Assam Rifles) আৰু ৰাষ্ট্ৰীয় সুৰক্ষা নিৰাপত্তাৰক্ষী বাহিনীত (National Security Guard, NSG) প্ৰায় ৪৩৬ জন কৰ্মচাৰীৰ আত্মহত্যাৰ ফলত মৃত্যু হয় (MHA data of suicides in Rajya Sabha) ।
উল্লেখ্য, চিআৰপিএফ, চিআইএছএফ, আইটিবিপি, এছএছবি, বিএছএফ, এনএছজি আৰু অসম ৰাইফলছৰ দৰে বিভিন্ন নিৰাপত্তা বাহিনীক লৈ গঠিত চিএপিএফবোৰক বিভিন্ন আভ্যন্তৰীণ নিৰাপত্তা আৰু সীমান্তৰক্ষীৰ দায়িত্বত নিয়োজিত কৰা হৈছে ।
বিজেপি সাংসদ সোনল মানসিঙৰ এটা প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এক লিখিত উত্তৰৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰে । লগতে তেওঁ সোধে যে চৰকাৰে লক্ষ্য কৰিছেনে যে আমাৰ কেন্দ্ৰীয় নিৰাপত্তা বাহিনীত আত্মহত্যাৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি পাইছে । এই ক্ষেত্ৰত মন্ত্ৰীজনক অধিক বিৱৰণ প্ৰদান কৰিবলৈও আহ্বান জনায় ।