নেশ্যনেল ডেস্ক, 4 আগষ্ট:বিহাৰত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে (Bus Accident in Bihar) ৷ বৃহস্পতিবাৰে পুৱা বিহাৰৰ গোপালগঞ্জ জিলাত এখন নৈশ যাত্ৰীবাহী বাছে ঘাইপথত ৰৈ থকা এখন ট্ৰাকত খুন্দিয়াই দিয়ে (40 injured as bus rams into stationary truck in Bihar)৷ এই দুৰ্ঘটনাত বাছখনত থকা 40 গৰাকী যাত্ৰী আহত হয় (40 injured in bus accident) ৷
জানিব পৰামতে যাত্ৰীবাহী বাছখনত থকা যাত্ৰীসকলে ঝাৰখণ্ডৰ গুৰুগৃহলৈ শিৱ লিংগত গংগা জল আগবঢ়াবলৈ যাত্ৰা কৰিছিল ৷ বাছখনত চালক আৰু দুজন সহায়কৰ উপৰিও 56 গৰাকীৰো অধিক যাত্ৰী আছিল ৷ বাছখনৰ চালকজনৰ টোপনি অহাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হয় ৷ এই ঘটনাত বাছখনৰ চালকজন গুৰুতৰভাৱে আহত হয় ৷