অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশত 40 গৰাকী চিকিৎসক ক'ভিড-19 ত আক্ৰান্ত - উত্তৰ প্ৰদেশৰ লক্ষ্নৌত 40 গৰাকীকৈ চিকিৎসক ক'ভিড 19 আক্ৰান্ত

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ King George Medical University (KGMU) ৰ উপাধ্যক্ষসহ 40 গৰাকী চিকিৎসক আক্ৰান্ত হৈছে ক'ভিড-19 ত ৷

40 doctors including KGMU VC test positive for COVID-19
উত্তৰ প্ৰদেশৰ KGMU ত উপাধ্যক্ষ সহ 40 গৰাকী চিকিৎসক ক'ভিড-19 ত আক্ৰান্ত

By

Published : Apr 7, 2021, 8:25 PM IST

নেশ্যনেল ডেস্ক,7 এপ্ৰিল:কৰ’ণা ভাইৰাছৰ পুনৰ সংক্ৰমণক লৈ সৃষ্টি হোৱা উদ্বেগৰ মাজতে King George Medical University (KGMU) ৰ উপাধ্যক্ষসহ 40 গৰাকীকৈ চিকিৎসক এই অতিমাৰীত আক্ৰান্ত হৈছে ৷ মঙলবাৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌস্থিত KGMU ৰ উপাধ্যক্ষ গৰাকীৰ লগতে চিকিৎসক কেইগৰাকী ক'ভিড-19 ত আক্ৰান্ত বুলি ধৰা পৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, আক্ৰান্তসকলৰ বহুকেইগৰাকীয়ে প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো ক'ভিডত আক্ৰান্ত হয় ৷ জানিব পৰা মতে, শল্য বিভাগৰ 20 গৰাকী চিকিৎসক আক্ৰান্ত হোৱাৰ বিপৰীতে ইউৰ’ল’জী বিভাগৰ ন গৰাকী চিকিৎসক ক'ভিডত আক্ৰান্ত হৈছে ৷

চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা জানিবলৈ দিয়া মতে, সম্পূৰ্ণৰূপে চেনিটাইজ কৰাৰ পাছত এই বিভাগ দুটা ছীল কৰি দিয়া হৈছে ৷ ইয়াৰ সমান্তৰালকৈ ক'ভিড-19 ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ চৰকাৰে বিবাহ বা অন্যান্য কাৰ্যসূচীত 100 গৰাকীতকৈ অধিক লোক সমবেত হোৱাত বাধা প্ৰদান কৰিছে ৷

লগতে পঢ়ক:অকলে গাড়ী চলোৱাৰ সময়তো মাস্ক বাধ্যতামূলক:দিল্লী উচ্চ ন্যায়ালয়

ABOUT THE AUTHOR

...view details