নেশ্যনেল ডেস্ক, 17 অক্টোবৰ:উত্তৰ প্ৰদেশৰ মীৰাটত চাঞ্চল্যকৰ বোমা বিস্ফোৰণৰ ঘটনা । মঙলবাৰে পুৱা ইয়াৰ লোহীয়ানগৰ থানা এলেকাৰ এটা গুদামত হঠাৎ বিস্ফোৰণৰ ফলত সমগ্ৰ গুদামটো ধ্বংসস্তুপত পৰিণত হয় । এই দুৰ্ঘটনাত 4 জন লোকৰ থিতাতে মৃত্যু হয় । আনহাতে 4 জন লোক গুৰুতৰভাৱে আহত হয় । আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ পিচতে আহতসকলক চিকিৎসাৰ বাবে মীৰাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱায় । লগতে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ।
লোহিয়ানগৰ থানা এলেকাৰ এটি দুমহলীয়া গুদামত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ বোমা বিস্ফোৰণৰ ঘটনাটো । বিস্ফোৰণটোৰ প্ৰাবল্য ইমানেই উচ্চ আছিল যে ওচৰৰ বহু ঘৰ কঁপি উঠিছিল বুলি স্থানীয় লোকে জনায় । মৃত্যু হোৱা লোকসকলক বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই । বিস্ফোৰণৰ তথ্য লাভ কৰাৰ লগে লগে জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু জিলা দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হয় । বৰ্তমান ঘৰটোৰ ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম চলি আছে । আৰক্ষীয়ে সংবাদ মাধ্যমকো ঘটনাস্থলীৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে ।