নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ: বুধবাৰে পুৱা ভূঁইকঁপে কঁপালে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ (Earthquake strikes Andaman and Nicobar Islands) । নেশ্যনেল চেণ্টাৰ ফৰ চিচম'ল’জিয়ে টুইটযোগে প্ৰকাশ কৰা তথ্য অনুসৰি, বুধবাৰে পুৱা প্ৰায় ৫.৩১ বজাত প'ৰ্টব্লেয়াৰৰ দক্ষিণ-পূৱৰ অঞ্চলত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।
ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৩ (4.3 magnitude earthquake hits Southeast of Portblair) । ইয়াৰ বিপৰীতে কম্পনৰ গভীৰতা আছিল ১০০ কিল’মিটাৰ । নেশ্যনেল চেণ্টাৰ ফৰ চিচম'লজিয়ে লগতে উল্লেখ কৰিছে যে, ভূমিকম্পৰ অভিকেন্দ্ৰ প'ৰ্টব্লেয়াৰৰ পৰা ১৬৫ কিল’মিটাৰ দূৰত্বৰ দক্ষিণ-পূৱ দিশত । ভূমিকম্পৰ ফলত বিশেষ ক্ষয়-ক্ষতি হোৱাৰ তথ্য এতিয়াও জানিব পৰা হোৱা নাই ।