অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাৰ এখন জিলাৰ ৩৮ টা খোৱাপানী প্ৰস্তুতকাৰী কোম্পানীৰ নাই অনুজ্ঞাপত্ৰ - পশ্চিম জিলাৰ ৩৮ টা কোম্পানীৰে নাই অনুজ্ঞাপত্ৰ

ত্ৰিপুৰাত খোৱাপানী প্ৰস্তুতকাৰী কোম্পানীৰ বিৰুদ্ধে খাদ্য সুৰক্ষা বিভাগৰ অভিযান (Drive against package drinking water company in Tripura)। অভিযানত পোহৰলৈ আহিছে যে পশ্চিম জিলাৰ ৩৮ টা কোম্পানীৰে নাই অনুজ্ঞাপত্ৰ ।

Tripura
পেকেজ খোৱাপানীৰ কোম্পানীৰ নাই অনুজ্ঞাপত্ৰ

By

Published : Jan 20, 2022, 8:19 PM IST

আগৰতলা,২০ জানুৱাৰী :ত্ৰিপুৰাৰ পেকেজ খোৱাপানী সেৱন কৰা সকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ । ৰাজ্যখনৰ কেৱল পশ্চিম জিলাতে আছে অনুজ্ঞাপত্ৰ বিহীন ৩৮ টা পেকেজ খোৱাপানী প্ৰস্তুতকাৰী কোম্পানী । ইতিমধ্যে এই কোম্পানীবোৰত খাদ্য সুৰক্ষা বিভাগে অভিযান আৰম্ভ কৰিছে (Drive against package drinking water company in Tripura)। অভিযান সম্পৰ্কে খাদ্য সুৰক্ষা নিৰীক্ষণ বিষয়া ড০ সংগীতা চক্ৰৱৰ্তীয়ে কয় যে জিলাখনৰ বিভিন্ন স্থানত খোৱাপানী উৎপাদনকাৰী প্ৰায় ৩৮ টা কোম্পানী আছে যিবোৰৰ প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ নাই ।

আগৰতলা, মোহনপুৰ, জিৰানিয়া আৰু অন্যান্য অঞ্চলত থকা কোম্পানীবোৰলৈ খাদ্য সুৰক্ষা বিভাগৰ দল প্ৰেৰণ কৰা হৈছে । কোম্পানীবোৰক অনুজ্ঞাপত্ৰ প্ৰদানৰ লগতে উৎপাদন অব্যাহত ৰখাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জনায় খাদ্য সুৰক্ষা নিৰীক্ষণ বিষয়াগৰাকীয়ে । অভিযানৰ সময়ত ড০ সংগীতা চক্ৰৱৰ্তীৰ নেতৃত্বৰ এটা দলে এটা কোম্পানীত ইতিমধ্যে তলা লগাইছে । ড০ চক্ৰৱৰ্তীয়ে জনোৱা মতে কোম্পানীটোৰ মালিকে প্ৰয়োজনীয় নথিপত্ৰ দেখুৱাবলৈ ব্যৰ্থ হৈছিল ।

বিষয়াগৰাকীৰ মতে কোম্পানীটোৰ খুচুৰা বিক্ৰীৰ অনুমতি আছিল যদিও কোম্পানীটোৰ লগতে এটা বটলিং আৰু নিৰ্মাণ কাৰখানাও আছে । ইতিমধ্যে কোম্পানীটোৰ স্বত্বাধিকাৰীক তেওঁলোকৰ কোম্পানীটোক নিৰ্মাণ গোট হিচাপে তালিকাভুক্ত কৰাৰ বাবে এফএছএছএআই (FSSAI) কাৰ্যালয়ত আবেদন কৰাৰ বাবে নিৰ্দেশ দিছে । বিষয়াগৰাকীৰ মতে কোম্পানীটোৰ স্বত্বাধিকাৰীয়ে অনুজ্ঞাপত্ৰৰ সম্পৰ্কে ভালদৰে অৱগত নহয় যাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । ভৱিষ্যতে এনেধৰণৰ অভিযান অব্যাহত থাকিব বুলিও উল্লেখ কৰে বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক :New Covid SOP in Tripura : ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ থাকিব ত্ৰিপুৰাৰ শ্ব’পিং মল, চিনেমা হল,পাৰ্ক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details