নেশ্যনেল ডেস্ক, 18 জুলাই :মংগলবাৰে দিল্লীত অনুষ্ঠিত হ’ব এন ডি এৰ বৈঠক ৷ উক্ত বৈঠকত অংশগ্ৰহণ কৰিব 38 টা দলে ৷ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জে পি নাড্ডাই সোমবাৰে এই কথা প্ৰকাশ কৰিছে । সংবাদমেল সম্বোধন কৰি নাড্ডাই কয় যে নৰেন্দ্ৰ মোডী চৰকাৰৰ আঁচনি আৰু নীতিৰ ‘ইতিবাচক প্ৰভাৱ’ৰ বাবে দলটো আশাবাদী । ইয়াৰোপৰি, এন ডি এৰ প্ৰসাৰ আৰু পৰিসৰ বছৰ বছৰ ধৰি বৃদ্ধি পাইছে বুলিও নাড্ডাই দাবী কৰে ।
এন ডি এৰ বৈঠকত বিজেপিৰ বৰ্তমানৰ আৰু নতুন মিত্ৰ দলৰ উপস্থিতি দেখা যাব বুলিও উল্লেখ কৰে নাড্ডাই ৷ তামিলনাডুৰ এ আই এ ডি এম কে আৰু অন্ধ্ৰ প্ৰদেশৰ পৱন কল্যাণৰ জন সেনা আদি দলৰ লগতে উত্তৰ-পূব আৰু দেশৰ অন্যান্য প্ৰান্তৰ পৰা অহা কেইবাটাও দল এই বৈঠকত উপস্থিত থাকিব বুলি জানিবলৈ পৰা গৈছে ।
2024 ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত বিশাল পৰিসৰৰ এইখনেই প্ৰথমখন এন ডি এ বৈঠক হিচাপে বিবেচিত হৈছে ৷ ক্ৰমাগত তৃতীয়বাৰৰ বাবে লোকসভাত সংখ্যাগৰিষ্ঠতা অক্ষুণ্ণ ৰাখিবলৈ বিজেপিয়ে ব্যাপক প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হৈছে ৷ সমান্তৰালভাৱে, দলটোৰ নেতৃত্বই মিত্ৰতা স্থাপনৰ বাবে লগতে মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যসমূহত বিৰোধীক দুৰ্বল কৰাৰ বাবেও কাম কৰা দেখিবলৈ পোৱা গৈছে ।