অসম

assam

ETV Bharat / bharat

ট্ৰেক্টৰ ৰেলী হিংসাৰ পিচত দিল্লী আৰক্ষীৰ জালত 84 জন - পতাকা উত্তোলন কৰা কৃষক জুগৰাজ

গণৰাজ্য দিৱসত উলিওৱা ট্ৰেক্টৰ ৰেলীৰ পাচতে লালকিল্লাৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা কৃষকৰ বিৰুদ্ধে 38টা গোচৰ ৰুজু কৰি 84 জনক আটক কৰিছে দিল্লী আৰক্ষীয়ে ৷

নতুন দিল্লীত হিংসাত্মক ঘটনাৰ পাচতে আটক 84জন
নতুন দিল্লীত হিংসাত্মক ঘটনাৰ পাচতে আটক 84জন

By

Published : Jan 31, 2021, 8:12 AM IST

নিউজ ডেস্ক, 31 জানুৱাৰী :গণৰাজ্য দিৱসৰ দিনা নতুন দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাচতে দিল্লী আৰক্ষীয়ে 38 টাকৈ গোচৰ ৰুজু কৰিছে ৷ ঘটনাৰ লগত জড়িত 84জন লোকক বিভিন্ন প্ৰান্তৰ পৰা আটক কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷ তাৰ মাজতে আন কিছু লোকক সোধ-পোচৰ বাবে আৰক্ষীৰ জিম্মাত আনিছে ৷ গণৰাজ্য দিৱসৰ দিনাখন কৃষকৰ দ্বাৰা উলিওৱা ট্ৰেক্টৰ ৰেলী আৰু পতাকা উত্তোলন কৰাৰ পাচতে উত্তপ্ত হৈ পৰিছিল লালকিল্লাৰ চৌহদ ৷ আৰক্ষী আৰু কৃষকৰ মাজত সৃষ্টি হোৱা হতাহতিৰ ফলত 394 গৰাকী আৰক্ষী আহত হৈছিল ৷

নতুন দিল্লীত হিংসাত্মক ঘটনাৰ পাচতে আটক 84জন

এই হিংসাত্মক ঘটনাৰ পাচতে তদন্তৰ বাবে 38 টাকৈ গোচৰ ৰুজু কৰি নতুন দিল্লী আৰক্ষীৰ এটা দলে পঞ্জাৱলৈ ৰাওনা হৈছে ৷ হত্যাৰ চেষ্টা, ডকাইতি আদি বিভিন্ন বিষয়ত পৃথকে পৃথকে গোচৰ ৰুজু কৰি 84জন লোকক বিভিন্ন প্ৰান্তৰ পৰা আটক কৰাৰ লগতে লালকিল্লাত পতাকা উত্তোলন কৰা কৃষক জুগৰাজক আটক আৰু তদন্ত কৰাৰ বাবে পঞ্জাৱলৈ ৰাওনা হৈছে আৰক্ষীৰ দলটো ৷

লগতে পঢ়ক:নতুন বিশ্ব ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব ভাৰতে: মোদী

ABOUT THE AUTHOR

...view details