নিউজ ডেস্ক, ১৭ ডিচেম্বৰ :উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে (Uttarakhand High Court) এগৰাকী এচিড আক্ৰমণৰ ভুক্তভোগীৰ (acid attack victim) সপক্ষে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে । আদালতে ধামী চৰকাৰক এচিড আক্ৰমণৰ ভুক্তভোগীগৰাকীক ৩৫ লাখ টকা ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ আৰু তেওঁৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যয় বহন কৰিবলৈ নিৰ্দেশ দিছে (35 lakh compensation to acid attack victim) । গোচৰটোৰ শুনানি জ্যেষ্ঠ ন্যায়াধীশ সঞ্জয় কুমাৰ মিশ্ৰৰ এখন বিচাৰপীঠে কৰে ।
উল্লেখ্য যে এচিড আক্ৰমণৰ ভুক্তভোগী গুলনাজ খানে ক্ষতিপূৰণৰ বাবে ২০১৯ চনত উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল । আবেদনকাৰীৰ মতে, যেতিয়া তেওঁক এচিডৰে আক্ৰমণ কৰা হৈছিল তেতিয়া তেওঁ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী আছিল । উক্ত সময়চোৱাত এজন অজ্ঞাত ব্যক্তিয়ে তেওঁৰ সৈতে প্ৰেম কৰাৰ বাবে নিৰন্তৰ হাৰাশাস্তি কৰি আছিল । কিন্তু ভুক্তভোগীয়ে সেয়া বাৰে বাৰে প্ৰত্যাখ্যান কৰিছিল । তাৰ পিছত অভিযুক্ত যুৱকজনে প্ৰতিশোধৰ বাবেই গুলনাজক এচিডেৰে আক্ৰমণ কৰিছিল ।
উক্ত আক্ৰমণত তেওঁৰ শৰীৰৰ ওপৰৰ অংশ 60% তকৈও অধিক জ্বলি গৈছিল । লগতে সোঁ কাণখন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল । লগতে দ্বিতীয়খন কাণৰ শ্ৰৱণ ক্ষমতাও 50 শতাংশ হেৰুৱাইছিল । 2016 চনত ন্যায়িক আদালতে অভিযুক্তজনক 10 বছৰৰ কাৰাদণ্ড প্ৰদান কৰে আৰু তেওঁৰ ওপৰত 20,000 টকাৰ জৰিমনা আৰোপ কৰে । আনহাতে, 2019 চনত উচ্চ ন্যায়ালয়ে ভুক্তভোগীজনক তাৎক্ষণিকভাৱে 1.5 লাখ টকাৰ চিকিৎসা খৰচ পৰিশোধৰ নিৰ্দেশ দিয়ে । কিন্তু গুলনাজে ৰাজ্য চৰকাৰৰ পৰা এই জঘন্য অপৰাধৰ ক্ষতিপূৰণ বিচাৰি উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে আৰু 50 লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰে ।