অসম

assam

By

Published : Mar 30, 2023, 10:01 PM IST

ETV Bharat / bharat

Amritpal Singh case: অমৃতপালৰ বিৰুদ্ধে চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা 348 জন যুৱকক মুকলি

অমৃতপাল সিঙৰ সন্ধানত পঞ্জাৱ আৰক্ষীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান ৷ অমৃতপালৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত গ্ৰেপ্তাৰ কৰা 360 জন লোকৰ ভিতৰত 348 জনক মুকলি কৰি দিছে পঞ্জাৱ আৰক্ষীয়ে (Crackdown on Amritpal Singh) ৷

Amritpal Singh case
অমৃতপালৰ বিৰুদ্ধে চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা 348জন যুৱকক মুকলি

নেশ্যনেল ডেস্ক, 30 মাৰ্চ: খালিস্তানপন্থী নেতা অমৃতপালৰ বিৰুদ্ধে চলোৱা অভিযানত পঞ্জাৱ আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মুঠ 360জন যুৱকক ৷ গ্ৰেপ্তাৰ হোৱা মুঠ 360জন যুৱকৰ ভিতৰত ইতিমধ্যেই পঞ্জাৱ আৰক্ষীয়ে মুকলি কৰি দিছে 348 গৰাকী যুৱকক ৷ ইয়াৰে 12 জনক কাৰাবন্দী কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, অমৃতপাল সিঙে পালয়ন কৰাৰ পাচতেই পঞ্জাৱৰ বিভিন্ন স্থানৰ পৰা শ শ যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে (Crackdown on Amritpal Singh) ৷

অমৃতপালক বিচাৰি চলোৱা অভিযানৰ সময়ত গ্ৰেপ্তাৰ কৰা সকলো যুৱককে মুকলি কৰি দিবলৈ পঞ্জাৱ আৰক্ষীক 24 ঘণ্টাৰ সময় বান্ধি দিছিল শ্ৰী অকাল তখত চাহিবৰ (Sri Akal Takht Sahib) হৰপ্ৰীত সিঙে ৷ ইয়াৰ পাচতেই গ্ৰেপ্তাৰ কৰা যুৱকসকলক মুকলি কৰি দিবলৈ বাধ্য হয় পঞ্জাৱ আৰক্ষী ৷ বাকী থকা 12 জন যুৱককো শীঘ্ৰেই আইনী প্ৰক্ৰিয়াৰ যোগেদি মোকলাই অনা হ’ব উল্লেখ কৰিছে হৰপ্ৰীত সিঙে (Amritpal crackdown arrested freed) ৷

শ্ৰী অকাল তখত চাহিব সমিতিৰ এজন সদস্য কৰ্ণেল সিং পীৰ মুহাম্মাদে কয় যে পঞ্জাৱ আৰক্ষীয়ে ব্যক্তিগতভাৱে যুৱকসকলক মুকলি কৰি দিয়া সন্দৰ্ভত তথ্য ভাগ বাতোৱাৰা কৰিছে ৷ তেওঁ লগতে জনসাধাৰণক এই সন্দৰ্ভত আইনী প্ৰক্ৰিয়াৰ সৈতে বিবাদ নকৰিবলৈ আহ্বান জনায় আৰু এই সংবেদশীল বিষয়টোৰ ওপৰত সামাজিক মাধ্যমত উৰা বাতৰি বিয়পোৱাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় (Operation against Amritpal Singh) ৷

উল্লেখ্য যে, অমৃতপালে সিঙে পলায়ন কৰাৰ পাচত শ্ৰী অকাল তখত চাহিবৰ হৰপ্ৰীত সিঙকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ এই সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘মোক গ্ৰেপ্তাৰ কৰাটো কোনো ডাঙৰ কথা নহয়, কিন্তু শিখ সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ কৰাটো আটাইতকৈ ডাঙৰ কথা ৷’’ উল্লেখ্য যে, হৰপ্ৰীত সিঙৰ সৈতে বৈঠকত মিলিত হৈছিল অমৃতপাল সিং (Amritpal case update) ৷

লগতে পঢ়ক:Khalistani violence in Australia : অষ্ট্ৰেলিয়াত খালিস্তান সমৰ্থকৰ বেআইনী কাৰ্যকলাপ, ৩ জনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details