অসম

assam

ETV Bharat / bharat

Manipur violence: কাংপকপি আৰু বিষ্ণুপুৰ জিলাত 24 ঘন্টাত 33 টা বাংকাৰ ধ্বংস নিৰাপত্তাৰক্ষীৰ

বিগত 24 ঘন্টাত মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে চুৰাচান্দপুৰ জিলাৰ খোইজুমন্তবি, পূব আৰু ইভেষ্টাৰ চিংলাংমেই পাহাৰ ৰেঞ্জৰ সমীপৰ লাংজা এলেকাৰ পাহাৰৰ প্ৰান্তীয় অঞ্চলত ব্যাপক অনুসন্ধান চলায় ৷ মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ যৌথ দলে 24 ঘন্টাত কাংপকপি আৰু বিষ্ণুপুৰ জিলাত 33 টা বাংকাৰ ধ্বংস কৰে ৷

Security forces destroy 33 bunkers in Kangpokpi
33 টা বাংকাৰ ধ্বংস নিৰাপত্তাৰক্ষীৰ

By

Published : Jul 9, 2023, 7:50 AM IST

নিউজ ডেস্ক, 9 জুলাই: মণিপুৰৰ কিছুমান ঠাইত বিগত 24 ঘণ্টাত গুলীচালনাৰ দৰে বিক্ষিপ্ত ঘটনাৰ সৈতে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে, অৱশ্যে বেছিভাগ জিলাতে পৰিস্থিতি প্ৰায় স্বাভাৱিক হৈ আছে ৷

বিগত 24 ঘন্টাত মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে চুৰাচান্দপুৰ জিলাৰ খোইজুমন্তবি, পূব আৰু ইভেষ্টাৰ চিংলাংমেই পাহাৰ ৰেঞ্জৰ সমীপৰ লাংজা এলেকাৰ পাহাৰৰ প্ৰান্তীয় অঞ্চলত ব্যাপক অনুসন্ধান চলায় ৷ লগতে বিষ্ণুপুৰ জিলাৰ উখা টাম্পক, ফুয়াইছানফাই, মইৰাং তুৰেল মাপাল ৱাৰ্ড নং 9 আৰু ফৌগাকচাও ইখাই আৱাং লেইকাই; কাকচিং জিলাৰ সোকম গাঁও, নাচাৰেথ গাঁও, কেইফোম গাঁও, চাহুমফাই গাঁও, খুনবি বজাৰ অঞ্চলতো ব্যাপক তালাচী চলাই নিৰাপত্তাৰক্ষীয়ে ৷ মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ যৌথ দলে যোৱা 24 ঘন্টাত কাংপকপি আৰু বিষ্ণুপুৰ জিলাত 33 টা বাংকাৰ ধ্বংস কৰে ৷

7 জুলাইত বেথেল ভিলেজৰ কাষৰীয়া পাহাৰৰ পৰা কৌট্ৰুক আৰু এন এছ ইউ আই কমপ্লেক্সত নিয়োজিত পশ্চিম ইম্ফল আৰক্ষীক লক্ষ্য কৰি অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে গুলী আৰু লেথেড বোমা নিক্ষেপ কৰে ৷ সুৰক্ষা বাহিনীয়ে সশস্ত্ৰ দুৰ্বৃত্তক প্ৰতিহত কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

সশস্ত্ৰ দুৰ্বৃত্তই বিভিন্ন দিশৰ পৰা ফুলগাকচাও আৱাং লেইকাইত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীচালনা কৰে ৷ বিষ্ণুপুৰ জিলাৰ দুজন ডিঅ' কৰ্মী আৰু কাংভাই গাঁৱৰ এজন নাগৰিক এই গুলীচালনাত আঘাতপ্ৰাপ্ত হয় ৷ লগতে এজন চিডিঅ'ৰ কৰ্মী এই ঘটনাত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে ৷ এই ঘটনাৰ পিছতেই তাৎক্ষণিকভাৱে এটা অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছিল আৰু দুৰ্বৃত্তক প্ৰতিহত কৰা হৈছিল ৷

8 জুলাইত গাঁৱৰ একাংশ লোকে ফুবালাত হাই কেনেলৰ পশ্চিম দিশৰ ধাননি পথাৰলৈ গৈছিল ৷ জিলা প্ৰশাসন আৰু নিৰাপত্তা বাহিনীৰ পৰামৰ্শ নমনাকৈ গাঁওবাসীয়ে হাই কেনেলৰ সিপাৰে গৈছিল ৷ ইয়াতেই একাংশ অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে গাঁওবাসীক লক্ষ্য কৰি গুলীচালনা কৰাত এজন গাঁওবাসী আঘাতপ্ৰাপ্ত হয় ৷ আহত ব্যক্তিজনক ইম্ফলৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ অঞ্চলটোত নিয়োজিত বি এছে গুলীচালনাৰে সশস্ত্ৰ দুষ্কৃতিকাৰীক প্ৰত্যুত্তৰ দিয়ে ৷

আনহাতে থাংগিংৰ পাদদেশৰ পৰা অজ্ঞাত দুষ্কৃতিকাৰীয়ে নিক্ষেপ কৰা এটা মৰ্টাৰে এজন ব্যক্তিৰ বাসগৃহত আঘাত কৰাত তেওঁ আঘাতপ্ৰাপ্ত হয় ৷ পৰৱৰ্তী সময়ত চিকিৎসাৰ অন্তত তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয় ৷

মণিপুৰৰ বিভিন্ন জিলাত, পাহাৰ আৰু ভৈয়াম উভয়তে প্ৰায় 126 টা নাকা/ চেকপইণ্ট স্থাপন কৰা হৈছে ৷ লগতে ৰাজ্যৰ বিভিন্ন জিলাত আইন উলংঘাৰ সৈতে জড়িত 351 জন ব্যক্তিক আৰক্ষীয়ে আটক কৰিছে ৷

ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায় আগবঢ়াবলৈ, কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষৰ উৰাবাতৰি মুক্ত নম্বৰ - ৯২৩৩৫২২৮২২ নম্বৰত ডায়েল কৰি যিকোনো উৰাবাতৰি স্পষ্ট কৰিবলৈ, আৰু অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু বিস্ফোৰক সামগ্ৰী আৰক্ষীলৈ জমা দিবলৈ সাধাৰণ জনতাক আহ্বান জনোৱা হৈছে ৷

লগতে পঢ়ক:Manipur violence 2023: ত্ৰস্তমান মণিপুৰত মৃত্যুৰ কিৰীলি

ABOUT THE AUTHOR

...view details