ইম্ফল, 16 মাৰ্চ:মণিপুৰ চৰকাৰৰ চাৰিবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ বাবে সোমবাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে মণিপুৰ চৰকাৰে ৷ ইম্ফলৰ চিটি কনভেনশ্যন চেন্টাৰত ‘Emerging Manipur - Celebration of 4 years of Achievement’ নামৰ অনুষ্ঠানটি আনুষ্ঠিত কৰা হয় ৷
সৌমবাৰৰ এই অনুষ্ঠানত প্ৰায় 1096 কোটি টকাৰ 311 টা প্ৰকল্প উদ্বোধন কৰে মণিপুৰ চৰকাৰে ৷ লগতে 278.77 কোটি টকাৰ 39 টা প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে ৷ এই অনুষ্ঠানতে 2021-22 বৰ্ষত NABARDৰ সহযোগত চৰকাৰে গ্ৰহণ কৰিবলগীয়া বিভিন্ন কামৰ ভিডিঅ’লগতে ফটো প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয় ৷
উল্লেখ্য যে, মণিপুৰত 2017 চনৰ 5 মাৰ্চত বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে শপত গ্ৰহণ কৰিছিল ৷ এই অনুষ্ঠানতে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী বিৰেণ সিঙে কয়, এই চাৰিবছৰীয়া সময়ত ৰাজ্যখনৰ চৰাকাৰে যি সফলতা লাভ কৰিছে সেয়া সকলো নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাতে সম্ভৱপৰ হৈ উঠিছে ৷
মণিপুৰত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা বাস্তবায়িত কৰাৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত মণিপুৰৰ জনসাধাৰণ ধন্যবাদৰ পাত্ৰ ৷ ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে সকলো সময়তে ৰাইজৰ সমস্যাসমূহ উপলদ্ধি কৰি সমাধানৰ ব্যৱস্থা কৰা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী বিৰেণ সিঙে ৷
লগতে পঢ়ক-BSF-BGBৰ সম্পৰ্কই সীমান্ত সমস্যাৰ সমাধান কৰিব