নেশ্যনেল ডেস্ক, ২৮ ছেপ্টেম্বৰ :জম্মু-কাশ্মীৰ অঞ্চলত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ অব্যাহত থকাৰ সময়তে নিৰাপত্তা বাহিনীও প্ৰতিটো মুহূৰ্ততে সষ্টম হৈ আছে । অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিভিন্ন কাৰ্যকলাপ প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনা লগতে নিৰাপত্তা বাহিনী । তাৰ অংশস্বৰূপে প্ৰায়ে স্পৰ্শকাতৰ অঞ্চলবোৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা আৰু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
২০২৩ চনত জম্মু-কাশ্মীৰ আৰক্ষীৰ হাতত বহু সন্ত্ৰাসবাদী নিহত হৈছে । এইবাৰ জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে নিহত সন্ত্ৰাসবাদীৰ সংখ্যা প্ৰকাশ কৰিছে । আৰক্ষীয়ে জনোৱা মতে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে বিভিন্ন সংস্থাৰ সৈতে ৰাজ্যখনৰ পৰা সন্ত্ৰাসবাদীসকলক উচ্ছেদ কৰিবলৈ অভিযানত অংশগ্ৰহণ কৰি আহিছে । চলিত বছৰৰ এতিয়ালৈকে জম্মু আৰু কাশ্মীৰত যুটীয়া অভিযানত মুঠ ৩১ টা সন্ত্ৰাসবাদী নিহত হৈছে ।
এগৰাকী বিষয়াই জনোৱা মতে জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত সেনা, আৰক্ষী, এছএছবি, সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ দ্বাৰা যুটীয়া অভিযান চলোৱা হৈছিল । তথ্য অনুসৰি জম্মু-কাশ্মীৰ আৰক্ষী, সেনা আৰু এছএছবিৰ যুটীয়া অভিযানত এটা সন্ত্ৰাসবাদী নিহত হৈছে । আনহাতে জম্মু-কাশ্মীৰ আৰক্ষী, সেনা আৰু বিএছএফৰ যুটীয়া অভিযানত ২ টা সন্ত্ৰাসবাদী নিহত হৈছে ।