ত্ৰিপুৰা, 22 এপ্ৰিল:ত্ৰিপুৰাত প্ৰতি বছৰেবিভিন্ন ধৰণৰ জটিল স্বাস্থ্যজনিত সমস্যাত ভোগা প্ৰায় 300 ৰ পৰা 400 শিশুৱে ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰম (Rashtriya Bal Swasthya Karyakram) জৰিয়তে বিনামূলীয়াকৈ চিকিৎসা লাভ কৰে বুলি মন্তব্য কৰিছে ত্ৰিপুৰাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক সিদ্ধাৰ্থ শিৱ জয়ছোৱালে ৷ মঙলবাৰে এক অনুষ্ঠানত উপস্থিত থাকি জয়ছোৱালে কয় যে, ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰম শীৰ্ষক আঁচনিৰ জৰিয়তে সম্পূৰ্ণ বিনামূলীয়াকৈ মুঠ 38 টা জটিল স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসা কৰিব পৰা যায় ৷
ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় আৰু Dr BRAM Teaching Hospital ত ফটা ওঁঠ আৰু ফটা তালুৰ অস্ত্ৰোপচাৰক লৈ অনুষ্ঠিত এটা পাঁচদিনীয়া কেম্পৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি জয়ছোৱালে জানিবলৈ দিয়ে যে, ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰম আঁচনিৰ অধীনত ৰাজ্যখনত মুঠ 48 টা দলে চিকিৎসা সোৱা আগবঢ়াই আহিছে আৰু যিসকল ব্যক্তিকে সহায়ৰ প্ৰয়োজন হয় তেওঁলোকে তাত উপস্থিত হৈ সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায় ৷