অসম

assam

ETV Bharat / bharat

কৃষক বিদ্ৰোহঃ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰা 300 শিল্পীক উদ্ধাৰ - হিংসাত্মক পৰিস্থিতি

মঙলবাৰে দেশৰ ৰাজধানী দিল্লীত কৃষক সকলে ট্ৰেক্টৰ ৰেলীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ উলাই আহিছিল ৷ সেই সময়তে প্ৰতিবাদকাৰী কৃষক সকলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি দেশৰ ৰাজধানীত প্ৰৱেশ কৰিবলৈ লৈছিল ৷ আৰক্ষীয়ে তেওঁলোকক ৰাজধানীত প্ৰৱেশ কৰিবলৈ বাধা দিয়াৰ সময়তে আৰক্ষী আৰু কৃষকৰ মাজত হতাহতি হোৱাৰ লগতে আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল ৷

কৃষক বিদ্ৰোহৰ হিংসাত্মক পৰিস্থিতিৰ পিছতে গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰা 300 শিল্পীক উদ্ধাৰ দিল্লী আৰক্ষীৰ
কৃষক বিদ্ৰোহৰ হিংসাত্মক পৰিস্থিতিৰ পিছতে গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰা 300 শিল্পীক উদ্ধাৰ দিল্লী আৰক্ষীৰ

By

Published : Jan 27, 2021, 7:37 AM IST

নিউজ ডেস্ক,27 জানুৱাৰীঃ72 সংখ্যক গণৰাজ্য দিৱসত এফালে দেশৰ ৰাজধানীত পতাকা উত্তোলন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ আনফালে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সংসদত গৃহীত কৰা নতুনকৈ তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰায় ডেৰ মাহ ধৰি কৃষক সকলে ধাৰাবাহিক ভাৱে প্ৰতিবাদ কৰি আহিছিল ৷ মঙলবাৰে দেশৰ ৰাজধানী দিল্লীত কৃষকসকলে ট্ৰেক্টৰ ৰেলীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ উলাই আহিছিল ৷ সেই সময়তে প্ৰতিবাদকাৰী কৃষক সকলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি দেশৰ ৰাজধানীত প্ৰৱেশ কৰিবলৈ লৈছিল ৷ আৰক্ষীয়ে তেওঁলোকক ৰাজধানীত প্ৰৱেশ কৰিবলৈ বাধা দিয়াৰ সময়তে আৰক্ষী আৰু কৃষকৰ মাজত হতাহতি হোৱাৰ লগতে আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল ৷ প্ৰতিবাদকাৰী কৃষকে আৰক্ষীৰ নিৰাপত্তা বেষ্টনী ভাঙি ৰাজধানীত প্ৰৱেশ কৰিবলৈ আগবাঢ়ি যোৱাৰ সময়তে এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ’ল ৷

উল্লেখযোগ্য যে,আৰক্ষীৰ উচ্চপদস্থ বিষয়াই জানিবলৈ দিয়া অনুসৰি,প্ৰতিবাদকাৰী সকলে লালকিল্লাত প্ৰৱেশ কৰি কৃষকৰ পতাকা উত্তোলন কৰাৰ লগতে এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে যাৰ ফলত আৰক্ষীয়ে ব্যৱস্থা ল'বলৈ বাধ্য হৈ পৰে ৷ ইপিনে জানিব পৰা মতে কৃষক আৰু আৰক্ষীৰ মাজত সৃষ্টি হোৱা হতাহতিৰ ফলত 83 গৰাকীকৈ আৰক্ষী গুৰুতৰ ভাৱে আহত হয় ৷ একেদৰে যি সময়ত গণৰাজ্য দিৱসৰ বিভিন্ন কাৰ্যসূচী চলি আছিল তাত প্ৰায় 300 গৰাকীকৈ শিশু শিল্পীয়ে অংশগ্ৰহণ কৰিছিল ৷ সেই সময়তে কৃষক আৰু আৰক্ষীৰ মাজত হতাহতি হোৱাৰ লগতে পৰিস্থিতি উত্তপ্ত হৈ পৰাত তেওঁলোকক আৰক্ষীয়ে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰে ৷

আনহাতে সমগ্ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগে লগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে, গৃহ বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ সৈতে আলোচনাত মিলিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ আলোচনাৰ পিছতে ৰাজধানীৰ সৈতে সংযোক্ত সমূহ যোগাযোগ সেৱা বন্ধ কৰি দিছে যাতে পৰিস্থিতি আৰু অধিক বেয়াৰ ফালে নাযায় ৷ তাৰ সমান্তৰাল ভাবে দিল্লী সিমান্তৰ, সিংঘু, গাজিপুৰ, টিক’ৰি, মুকৰবা চ’ক, নানগলৈ আদি বিভিন্ন অঞ্চল য’ত কৃষক সকলে সমবেত হৈ বিদ্ৰোহ কৰি আহিছে সেই সমূহ অঞ্চলত ইন্টাৰনেট সেৱা কৰ্তন কৰিছে চৰকাৰে ৷

লগতে পঢ়কঃ সাহিত্যিক ড৹ ৰমেশ চন্দ্ৰ পাঠকৰ দেহাৱসান

ABOUT THE AUTHOR

...view details