নিউজ ডেস্ক, 21 ডিচেম্বৰ : 2021 চনৰ দিন কেইটা পুনৰ ঘূৰি আহিব নেকি ! ‘21 ৰ দৰে ক’ভিডৰ বাবে পুনৰ দেশত লক ডাউন ঘোষণা কৰিব নেকি চৰকাৰে ! কাৰণ ভাৰতৰ কেইবাখনো ৰাজ্যত ক’ভিডৰ নতুন প্ৰকৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে ৷ প্ৰথমে কেৰালাত ধৰা পৰিছিল ক’ভিডৰ নতুন প্ৰকৰণত আক্ৰান্ত ৰোগীৰ ৷ তাৰ পাচত কৰ্ণাটক, তেলেংগানা আৰু শেহতীয়াকৈ ৰাজস্থানতো ক’ভিডত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে ৷
বিশেষকৈ, কেৰালাত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডৰ নতুন প্ৰকৰণ জে এন 1ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি, কেৰালাত বৰ্তমান নতুনকৈ 300 লোক ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে 3 জনৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷
ইফালে পুৱা 8 বজালৈকে সমগ্ৰ দেশতে নতুনকৈ ক’ভিডত 358 জনকৈ লোক সংক্ৰমিত হৈছে ৷ তাৰ ভিতৰত 300 জনে কেৰালাৰ আছিল ৷ যাৰ ফলত ৰাজ্যখনৰ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা 2,341 লৈ বৃদ্ধি পালে ৷ আনহাতে ভাৰতত ক’ভিডৰ নতুন প্ৰকৰকণ জে এন 1ত আক্ৰান্ত ৰোগীৰ সংখ্যা 21 টালৈ বৃদ্ধি পাইছে বুলি জানিবলৈ দিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৷