নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল :ক'ভিডৰ দ্বিতীয় ঢৌৰ সময়ত মৃত্যু হৈছিল এজন যুৱকৰ । পৰিয়ালৰ লোকে নিশ্চিত কৰাৰ পাছত অন্ত্যেষ্টিক্ৰিয়াও কৰা হৈছিল যুৱকজনৰ । কিন্তু অন্ত্যেষ্টিক্ৰিয়াৰ ২ বছৰ পাছত পুনৰ ঘৰলৈ উভতি আহিছে যুৱকজন (Man buried 2 years ago returns home alive)। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মধ্য প্ৰদেশত ।
মধ্য প্ৰদেশৰ ধৰ জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা (Shocking incident in Dhar MP)। ক'ভিডৰ দ্বিতীয় ঢৌৰ সময়ত ব্যক্তিগত চিকিৎসালয়ৰ দ্বাৰা মৃত ঘোষণা কৰা হৈছিল যুৱকজনক আৰু ক'ভিডত মৃত্যু হোৱা যুৱকজনৰ অন্ত্যেষ্টিক্ৰিয়াও কৰা হৈছিল । পিছে শনিবাৰে জীৱিত অৱস্থাত ঘৰলৈ উভতি আহিছে যুৱকজন । যুৱকজনক জীৱিত অৱস্থাত দেখি আচৰিত হয় পৰিয়ালৰ লোক । অৱশ্যে পাছত পৰিয়ালৰ লোকসকলৰ মাজত সীমাহীন আনন্দ দেখিবলৈ পোৱা গৈছে ।
২০২১ চনত দেশত মহামাৰীৰ দ্বিতীয় ঢৌ (Covid second wave) চলি থকাৰ সময়তে ধৰৰ কাডোডকলাৰ বাসিন্দা ৩০ বছৰীয়া কমলেশ পাতিদাৰ ক'ভিডত আক্ৰান্ত হৈছিল (Kamlesh Patidar of Dhar)। কমলেশক চিকিৎসাৰ বাবে বৰোদাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । কিন্তু কেইদিনমান চিকিৎসা চলাৰ পাছতে চিকিৎসালয় কৰ্তৃপক্ষই কৈছিল যে হাঁওফাঁওত সংক্ৰমণ বিয়পি পৰাৰ ফলত কমলেশৰ মৃত্যু হৈছিল । চিকিৎসালয়খনে কমলেশৰ পৰিয়ালক মৃত্যুৰ খবৰ দিয়াৰ সময়ত মহামাৰীৰ সংক্ৰমণ শীৰ্ষত আছিল । যাৰ বাবে, পৰিয়ালৰ সদস্যসকলক মৃতদেহটো চাবলৈ আৰু স্পৰ্শ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল ।
চিকিৎসালয় কৰ্তৃপক্ষই প্ৰায় ২০-২৫ ফুট দূৰৰ পৰাই পৰিয়ালৰ সদস্যসকলক মৃতদেহটো দেখুৱাই কমলেশৰ অন্তিম সংস্কাৰ সম্পন্ন কৰিছিল । পৰিয়ালৰ লোকে আনকি মৃতদেহটো সঠিকভাৱে চিনাক্ত বা নিশ্চিত কৰিবও পৰা নাছিল । সেই সময়ত তেওঁলোকে কেৱল বিশ্বাস কৰি লৈছিল যে কমলেশৰ মৃত্যু হৈছে । কমলেশৰ মৃত্যুৰ পাছত গোটেই পৰিয়ালটো শোকত ভাগি পৰিছিল । তেওঁৰ পত্নীয়েও বিধৱাৰ সাজ পৰিধান কৰিছিল ।