নতুন দিল্লী, ১ ফেব্ৰুৱাৰী :কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে (Union Finance minister Nirmala Sitharaman) আজি ২০২২-২৩ বৰ্ষৰ বাজেট দাখিল কৰি কয় যে, ক্ৰিপ্ত কাৰেঞ্চি জৰিয়তে হোৱা আয় অথবা ভাৰ্চুৱেল সম্পদৰ ওপৰত ৩০ শতাংশ আয়কৰ আৰোপৰ বাবে প্ৰস্তাৱ দাখিল কৰে (#criptocurrency) ।
তেওঁ লগতে কয় যে ৰিজাৰ্ভ বেংকে ২০২২-২৩ বৰ্ষৰ ভিতৰত ব্লক ছেইন তথা আন আন প্ৰযুক্তিৰ সহায়ত প্ৰবৰ্তন কৰিব ডিজিটেল টকা, যিয়ে সমগ্ৰ দেশৰ অৰ্থনীতিক প্ৰভাৱিত কৰিব । "মই ভাবো যে ভাৰ্চুৱেল বা ডিজিটেল সম্পদৰ স্থানান্তৰৰ পৰা হোৱা যিকোনো আয়ৰ ক্ষেত্ৰত ৩০ শতাংশ কৰ আৰোপ কৰা উচিত । এনে ধৰনৰ আয়ৰ ক্ষেত্ৰত ৩০ শতাংশ কৰ প্ৰযোজ্য হোৱাটো বাঞ্চনীয় ," তেওঁ বাজেট দাখিল কৰি সংসদত কয় ।
ৰিজাৰ্ভ বেংকে যিহেতু নিজেই ডিজিটেল কাৰেঞ্চী প্ৰবৰ্তন কৰিব (Digital rupee to be introduced by RBI) সেয়ে ই হ’ব দেশৰ অৰ্থনীতিৰ বাবে ভাল খবৰ , তেওঁ কয় ।