অসম

assam

ETV Bharat / bharat

দেশত এইবাৰ তীব্ৰ গতিত বৃদ্ধি পাইছে জিকা ভাইৰাছত আক্ৰান্তৰ সংখ্যা - যৌন সম্পৰ্ক

দীপাৱালীৰ সময়তে কানপুৰত জিকা ভাইৰাছৰ 30 জন লোক নতুন কৈ আক্ৰান্ত হৈছে । এতিয়ালৈকে চহৰখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ মুঠ সংখ্যা ৬৬ লৈ বৃদ্ধি পাইছে ।

30-new-patients-of-zika-virus-found-in-kanpur
দেশত এইবাৰ তীব্ৰ গতিত বৃদ্ধি পাইছে জিকা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

By

Published : Nov 4, 2021, 8:11 PM IST

নিউজ ডেস্ক, 4 নবেম্বৰ :কানপুৰ চহৰত জিকা ভাইৰাছত আক্ৰান্ত লোকৰ ঘটনা বৃদ্ধি পাইছে । দীপাৱলীৰ দিনা, চহৰখনত জিকা ভাইৰাছৰ 30 টা নতুন ঘটনা চিনাক্ত কৰা হৈছে । চহৰখনত সম্প্ৰতি জিকা ভাইৰাছত আক্ৰান্ত সৰ্বমুঠ লোকৰ সংখ্যা 66 লৈ বৃদ্ধি হৈছে । উল্লেখ্য যে উত্তৰ প্ৰদেশত জিকা ভাইৰাছৰ প্ৰথমটো ঘটনা ২৪ অক্টোবৰত কানপুৰ মহানগৰতে পোহৰলৈ হৈছিল । প্ৰথমে বায়ু সেনাৰ বিষয়া সকল এই ভাইৰাছত আক্ৰান্ত হৈছিল । বিষয়টো গুৰুত্বসহকাৰে লৈ, জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে পৰীক্ষা আৰম্ভ কৰিছিল ।

বৃহস্পতিবাৰে দীপাৱলীৰ দিনা আৰু 30 জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ পিছত, চহৰখনত সংক্ৰমিত লোকৰ মুঠ সংখ্যা 66 লৈ বৃদ্ধি পাইছে । সম্প্ৰতি স্বাস্থ্য বিভাগৰ 100 ৰো অধিক দলে ৰোগী চিনাক্ত কৰিবলৈ ঘৰে ঘৰে জৰীপ চলাই আছে । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, জিকা ভাইৰাছ এডিছ মহৰ দ্বাৰা সংক্ৰমিত হয়, এই ভাইৰাছ ডেংগুতকৈ অধিক বিপদজনক ৷ কিয়নো জিকাৰ কোনো ভেকছিন আৱিস্কাৰ হোৱা নাই ৷ এই ভাইৰাছটো লেলাৱতি (লেলাৱতি) আৰু প্ৰস্ৰাৱৰ দ্বাৰা সংক্ৰমিত হ'ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, জিকা ভাইৰাছৰ সংস্পৰ্শলৈ অহা ব্যক্তি এজনৰ ভিতৰত ভাইৰাছৰ লক্ষণবোৰ 3 ৰ পৰা 14 দিনৰ ভিতৰত দেখা দিবলৈ আৰম্ভ কৰে । এই ভাইৰাছটো গৰ্ভৱতী মহিলাৰ বাবে অধিক বিপদজনক, কিয়নো ই সহজে ভ্ৰূণৰ ওচৰলৈ যায় । ই তেজ সঞ্চাৰণ, অংগ সংৰোপণ বা যৌন সম্পৰ্কৰ জৰিয়তে দ্ৰুতগতিত বিয়পে ।

জিকাৰ লক্ষণ সমূহ :

  • মুৰৰ বিষ
  • গা বিষ
  • গাঁঠিৰ বিষ
  • জ্বৰ
  • পেশীৰ বিষ
  • অস্থিৰতা

জিকাৰ পৰা পৰিত্ৰাণৰ উপায় :

  • পাতল ৰঙৰ কাপোৰ পিন্ধিব।
  • দীঘল হাতৰ কাপোৰ পিন্ধিব।
  • যদি সম্ভৱ হয়, কাপোৰৰ বাহিৰৰ পৃষ্ঠত প্ৰিমেথ্ৰিন spray কৰক।
  • ঘৰত পানী জমা হ'বলৈ নিদিব ।

লগতে পঢ়ক :বিগত 24 ঘণ্টাত ৰাজ্যত কৰ’ণাত আক্ৰান্ত 276 গৰাকী

ABOUT THE AUTHOR

...view details