অসম

assam

ETV Bharat / bharat

চাগাইঙৰ সংঘৰ্ষত প্ৰায় ৩০ গৰাকী ম্যানমাৰ সৈনিক শ্বহীদ

মঙলবাৰে প্ৰায় ১,০০০ জনীয়া অসামৰিক প্ৰতিৰোধী যুঁজাৰুৰ এটা দলে হস্তনিৰ্মিত চিকাৰ ৰাইফল ব্যৱহাৰ কৰি মন্যৱা-কালাইৱা ঘাইপথৰ ওচৰৰ তায়ৱা কিনগাঁৱত নিয়োজিত প্ৰায় ৬০ জনীয়া এটা জান্তা সৈন্যৰ দলক আক্ৰমণ কৰে ।

By

Published : Jun 24, 2021, 8:45 PM IST

Myanmar troops
চাগাইঙৰ সংঘৰ্ষত প্ৰায় ৩০ গৰাকী ম্যানমাৰ সৈনিক শ্বহীদ

নেশ্যনেল ডেস্ক, ২৪ জুন :উত্তৰ-পূৱ ভাৰতৰ সীমান্তৱৰ্তী চাগাইং অঞ্চলত অসামৰিক প্ৰতিৰোধী যুঁজাৰু (civilian resistance fighters) আৰু ম্যানমাৰ সৈন্যৰ মাজত তীব্ৰ সংঘৰ্ষ সংঘটিত । কানি আৰু য়ীনমাবিন টাউনশ্বিপত সংঘটিত এই সংঘৰ্ষত প্ৰায় ৩০ জন ম্যানমাৰ সৈন্য নিহত হয় । স্থানীয় লোকৰ ভাষ্য অনুসৰি মঙলবাৰে প্ৰায় ১,০০০ জনীয়া অসামৰিক প্ৰতিৰোধী যুঁজাৰুৰ এটা দলে হস্তনিৰ্মিত চিকাৰ ৰাইফল ব্যৱহাৰ কৰি মন্যৱা-কালাইৱা ঘাইপথৰ ওচৰৰ তায়ৱা কিন গাঁৱত নিয়োজিত প্ৰায় ৬০ জনীয়া এটা জান্তা সৈন্যৰ দলক আক্ৰমণ কৰে ।

উল্লেখ্য যে, দুয়োখন নগৰৰ সীমান্তত অৱস্থিত গাঁৱখনত ম্যানমাৰৰ সৈন্যই লুকাই থোৱা অস্ত্ৰৰ সন্ধানত তালাচী চলাইছিল । স্থানীয় প্ৰতিৰোধ বাহিনীৰ কমাণ্ডাৰ অং গিয়ে সংবাদ মাধ্যমক জনোৱা মতে, ছয় ঘণ্টাৰ গুলীচালনাৰ অন্তত প্ৰায় ১০ গৰাকী সৈন্য নিহত হয় । আনহাতে বুধবাৰে সন্ধিয়া মূল অভিযানকাৰী দলটোক শক্তিশালী কৰিবলৈ প্ৰেৰণ কৰা অতিৰিক্ত ৬০ জনীয় সৈনিকৰ দলকো আক্ৰমণ কৰে সংগঠনটোৱে । সেনাৰ দলটো মন্যৱা-কালাইৱা ঘাইপথত স্থানীয়ভাৱে নিৰ্মিত পাঁচটা লেণ্ডমাইনৰ সন্মুখীন হয় ।

অং গিৰ মতে বিস্ফোৰণৰ লগতে প্ৰতিৰোধী যুঁজাৰুৰ গুলীচালনাত প্ৰায় ২০ গৰাকী জান্তা সৈন্য নিহত হয় ।

ইফালে সৈন্যসকলে প্ৰতিশোধস্বৰূপে বাণ্ট ভৱেৰ ওচৰৰ আঠটাকৈ ঘৰত অগ্নিসংযোগ কৰে । অং গিয়ে জনোৱা মতে, প্ৰায় ১০০ গৰাকী সৈন্য এতিয়া সংঘৰ্ষস্থলীৰ চাৰিওফালে থকা অৰণ্যবোৰ তন্ন-তন্নকৈ তালাচী অভিযান অব্যাহত ৰাখিছে । সম্প্ৰতি গুলীচালনা অব্যাহত আছে আৰু এই গুলীচালনাত বহুতো সাধাৰণ নাগৰিকো হতাহত হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, ২ এপ্ৰিলত অঞ্চলটোত জান্তা সৈন্য (junta troop) আৰু প্ৰতিৰোধ যোদ্ধাসকলৰ মাজত সশস্ত্ৰ সংঘৰ্ষ আৰম্ভ হৈছিল । কানি টাউনশ্বিপৰ (Kani township) কেইবাহাজাৰ গাঁৱবাসীয়ে ইতিমধ্যে তেওঁলোকৰ ঘৰ এৰি পলায়ন কৰিছে । মঙলবাৰে নিশা মান্দালয় অঞ্চলৰ নাগজন টাউনশ্বিপৰ এটা নিৰাপত্তা চৌকিত অভিযান চলাই অসামৰিক প্ৰতিৰোধ জিৰ’ গেৰিলা বাহিনীয়ে (Zero Guerilla Force) দুজন আৰক্ষী বিষয়াক হত্যা কৰাৰ খবৰ পোৱা গৈছে ।

সোমবাৰে চাগাইঙৰ মন্যৱা টাউনশ্বিপত এটা ঘৰত অভিযান চলাই ছয়জনীয়া পৰিয়ালসহ ৯ জন নাগৰিকক জান্তা বাহিনীয়ে আটক কৰে । পিপলছ ডিফেন্স ফ'ৰ্চেছ (PDF) যোগান ধৰাৰ অভিযোগত টিউটৰ ইউ টিন মিণ্ট ছ’ আৰু পৰিয়ালৰ পাঁচগৰাকী সদস্য আৰু আয়ে থাৰিয়াৰ ৱাৰ্ডৰ অভিযানৰ সময়ত জান্তা বাহিনীয়ে ঘৰৰ তিনিজন অতিথিক আটক কৰে । পিডিএফে যোৱা মাহত চীন-ম্যানমাৰ সংযোগী ৰাখাইন-য়ুনান পাইপলাইনৰ মান্দালয়ৰ এটা অফ-টেক ষ্টেচনত আক্ৰমণ কৰিছিল আৰু এই সপ্তাহত নিৰাপত্তা বাহিনীয়ে তেওঁলোকৰ এটা গোপন ঘাটিত তালাচী চলাইছিল । গুলীচালনাত দুজন প্ৰতিৰোধী যুঁজাৰুৰ মৃত্যু হয় আৰু ছয়জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:ভাৰতীয় সেনাই ক্ৰয় কৰিব ১৭৫০ ফিউচাৰিষ্টিক ইনফেণ্ট্ৰি কমবেট ভেহিকেল

ABOUT THE AUTHOR

...view details