অসম

assam

ETV Bharat / bharat

Cylinder blast during Chhath puja: ষঠ পূজাৰ প্ৰস্তুতিত চিলিণ্ডাৰ বিস্ফোৰণ, বিহাৰত আহত ৩০ - 30 injured in cylinder blast in Bihar

বিহাৰৰ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত চাহেবগঞ্জৰ এটা ঘৰত সংঘটিত চিলিণ্ডাৰ বিস্ফোৰণত ৩০ জনৰো অধিক লোক আহত হয় (cylinder blast during Chhath puja preparation) ।

Bihar
Bihar

By

Published : Oct 29, 2022, 12:12 PM IST

নিউজ ডেস্ক, ২৯ অক্টোবৰ : সমাগত ষঠ পূজা (Chhath puja) । বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ অন্যতম উৎসৱ হৈছে এই ষঠ পূজা । ইতিমধ্যে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে এই ষঠ পূজা অনুষ্ঠিত কৰাৰ বাবে আৰম্ভ কৰিছে ব্যাপক আয়োজন । কিন্তু ষঠ পূজাৰ প্ৰসাদৰ প্ৰস্তুতিৰ সময়তে বিহাৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা (accident during Chhath puja in Bihar) ।

বিহাৰৰ ঔৰঙ্গাবাদত ষঠ পূজাৰ প্ৰসাদ তৈয়াৰ কৰি থকাৰ সময়তে এটা চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । বিহাৰৰ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত চাহেবগঞ্জৰ এটা ঘৰত হোৱা উক্ত চিলিণ্ডাৰ বিস্ফোৰণত ৩০ জনৰো অধিক লোক আহত হয় (cylinder blast during Chhath puja preparation) । আনহাতে, উক্ত বিস্ফোৰণটোত বহুকেইজন আৰক্ষীও আহত হয় ।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, শনিবাৰে পুৱতি নিশা বিহাৰৰ ঔৰঙ্গাবাদৰ এটা ঘৰত 'ষঠ প্ৰসাদ' (Chhath prasad) তৈয়াৰ কৰি থকাৰ সময়তে চিলিণ্ডাৰ বিস্ফোৰণত আৰক্ষীসহ ৩০ জনৰো অধিক লোক আহত হয় । ঘটনাটো পুৱা ৩ বজাত নগৰ আৰক্ষী থানাৰ চাহেবগঞ্জ অঞ্চলত সংঘটিত হয় । জানিব পৰা মতে, ২৪ নম্বৰ ৱাৰ্ডত অনিল গোস্বামীৰ ঘৰত ষঠ পূজাৰ এই আয়োজন কৰা হৈছিল (30 injured in cylinder blast in Bihar) ।

স্থানীয় লোকসকলে জনোৱা মতে, পৰিয়ালৰ সদস্যসকলে প্ৰসাদ তৈয়াৰ কৰাত ব্যস্ত থকাৰ সময়তে গেছ চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হোৱাৰ ফলত হঠাতে জুই লাগে । স্থানীয় লোকসকলে জুই নুমুৱাবলৈ চেষ্টা কৰে । কিন্তু প্ৰচণ্ড জুয়ে তেওঁলোককো আৱৰি ধৰে । পিছত স্থানীয় লোকে আৰক্ষীক ফোন কৰে । লগতে তেওঁলোকে নিকটৱৰ্তী অগ্নিনিৰ্বাপক বাহিনীকো খবৰ কৰে । পিছত এখন অগ্নিনিৰ্বাপক গাড়ী ঘটনাস্থলীলৈ ততাতৈয়াকৈ গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নুমুৱাবলৈ আৰম্ভ কৰে ।

কিন্তু গেছ চিলিণ্ডাৰটো ঘৰটোৰ ভিতৰতে বিস্ফোৰণ ঘটাত 30 জনৰো অধিক লোক অগ্নিদগ্ধ হয় । আহতসকলৰ ভিতৰত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানো আছে । আহতসকলক চিকিৎসাৰ বাবে ঔৰঙ্গাবাদ সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আহত আৰক্ষীসকলৰ ভিতৰত আছে মহিলা কনিষ্টবল প্ৰীতি কুমাৰী, ডিএপি অখিলেশ কুমাৰ, জগলাল প্ৰসাদ, এছএপি জোৱান মুকুন্দ ৰাও, জগলাল প্ৰসাদ আৰু এজন চালক । প্ৰায় ২৫ জন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Fire in Indigo aircraft : Indigo বিমানৰ ইঞ্জিনত জুইৰজু সূত্ৰপাত

ABOUT THE AUTHOR

...view details