নেশ্যনেল ডেস্ক, 5 এপ্ৰিল: কৰ্ণাটকত এতিয়া বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ শাসকীয় বিজেপি দল আৰু বিৰোধী কংগ্ৰেছ আৰু জে ডি (এছ)য়ে এটা লোকসভা আৰু দুটা বিধানসভা উপ-নিৰ্বাচনৰ বাবে ৩০ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । অহা ১৭ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব বুলি দেওবাৰে এজন নিৰ্বাচনী বিষয়াই অৱগত কৰে ৷
নিৰ্বাচনী বিষয়াই উল্লেখ কৰা অনুসৰি, শনিবাৰে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখৰ পিছতে বেলগাঁও লোকসভা আসনৰ বাবে ১০ জন, বাসৱ কল্যাণৰ বাবে ১২ জন আৰু বিদাৰ আৰু ৰাইচুৰ জিলাৰ মাস্কি (সংৰক্ষিত) বিধানসভা আসনৰ বাবে ১০ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে । তিনিটা উপ-নিৰ্বাচনৰ বাবে ৩০ জন প্ৰাৰ্থীৰ ভিতৰত ২৬ জন পুৰুষ আৰু চাৰিগৰাকী মহিলা, আনহাতে ১৪ জন স্বতন্ত্ৰ প্ৰাৰ্থী আছে বুলি জানিব পৰা গৈছে ।