নেশ্যনেল ডেস্ক, ১৮ আগষ্ট: মহিলা ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াইছে বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন ভি ৰমানা( NV Ramana)ৰ নেতৃত্বত গঠিত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে । তিনিগৰাকী মহিলা ন্যায়াধীশৰ নাম উল্লেখ কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ তালিকাত । এই ন্যায়াধীশকেইগৰাকী হৈছে ন্যায়াধীশ বি ভি নাগাৰাথনা, ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ বেলা ত্ৰিবেদী ।
এওঁলোকৰ মাজৰে এগৰাকীয়ে ভাৰতৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ন্যায়াধীশ নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ৯ গৰাকী মহিলা ন্যায়াধীশৰ নাম বাছনি কৰিছিল । এই মহিলা ন্যায়াধীশকেইগৰাকী হৈছে- ন্যায়াধীশ হিমা কোহলী, ন্যায়াধীশ বি ভি নাগাৰাথনা, ন্যায়াধীশ বেলা ত্ৰিবেদী, জ্যেষ্ঠ অধিবক্তা পি এছ নৰসিংহ, ন্যায়াধীশ এ ওকা, ন্যায়াধীশ বিক্ৰমনাথ, ন্যায়াধীশ এ কে মহেশ্বৰী, ন্যায়াধীশ চি টি ৰবীন্দ্ৰ কুমাৰ আৰু ন্যায়াধীশ এম এম সুন্দৰেশ ।