অসম

assam

কাশ্মীৰত বিস্ফোৰণ: তিনিগৰাকী সেনা জোৱান আহত

By

Published : Jun 2, 2022, 9:49 AM IST

কাশ্মীৰৰ শ্বপিয়ানত চাঞ্চল্যকৰ ঘটনা । এখন ব্যক্তিগত বাহনত সংঘটিত বিস্ফোৰণত গুৰুতৰভাৱে আহত তিনিগৰাকী সেনা জোৱান আহত(Blast in Shopian)। আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ।

Blast in Shopian
কাশ্মীৰত এখন বাহনত বিস্ফোৰণ

নেশ্যনেল ডেস্ক,২ জুন :জম্মু কাশ্মীৰৰ শ্বপিয়ানৰ চোডোতবৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ (Blast in Shopian)। সেনাৰ এখন ব্যক্তিগত বাহন বিস্ফোৰণটো সংঘটিত হয় । বিস্ফোৰণত তিনিগৰাকী সেনা জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে (Three soldiers injured in Shopian car blast)। আৰক্ষী মহাপৰিদৰ্শকে জনোৱা মতে আহত জোৱান কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

গ্ৰেনেডৰ ফলত এই বিস্ফোৰণটো সংঘটিত হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । সম্ভৱতঃ আইইডি বা গ্ৰেনেড বাহনখনত ৰখা হৈছিল বা বাহনৰ বেটাৰী বিকল কৰা হৈছিল । বিস্ফোৰণক লৈ বিভিন্ন ধৰণৰ সন্দেহ হৈছে যদিও আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে । এই ঘটনাৰ লগত কোনো সন্ত্ৰাসবাদী জড়িত আছে নেকি সেই বিষয়েও অনুসন্ধান আৰম্ভ কৰা হৈছে ।

উল্লেখ্য যে, জম্মু-কাশ্মীৰ অঞ্চলত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ অব্যাহত আছে । বহু স্থানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰ অব্যাহত ৰাখিছে (Encounter against militants)। ৰাজ্যখনৰ বিভিন্ন অঞ্চলটোত কেইবাটাও সংঘৰ্ষৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে । এই সংঘৰ্ষত কেইবাটাও সন্ত্ৰাসবাদী নিহত হৈছে ৷

তথ্য অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে কাশ্মীৰ উপত্যকাত বিভিন্ন সন্ত্ৰাসবাদী গোটৰ 91 টা সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে ৷ তাৎপৰ্যপূৰ্ণভাৱে, নিৰাপত্তা সংস্থাসমূহে চলোৱা ১৭ টা সন্ত্ৰাসবাদ বিৰোধী অভিযানত মে’ মাহত নিৰাপত্তাৰক্ষীয়ে ২৭ টা সন্ত্ৰাসবাদীক হত্যা কৰে (Number of terrorists killed by security forces)।

লগতে পঢ়ক:জম্মু-কাশ্মীৰত নিতৌ চলিব 20 টাকৈ সন্ত্ৰাসবাদ বিৰোধী অভিযান

ABOUT THE AUTHOR

...view details