চিকিৎসালয়ত ভৰ্তি কেন্দ্ৰীয় মন্ত্ৰী সদানন্দ গৌড়া
কেন্দ্ৰীয় মন্ত্ৰী সদানন্দ গৌড়াক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কৰ্নাটকৰ বাসিন্দা গৌড়াৰ শৰ্কৰা স্তৰ হ্ৰাস পোৱাৰ পিচতেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কৰ্নাটকৰ চিত্ৰাদুৰ্গা জিলাৰ এখন হোটেলত থকা অৱস্থাত দেওবাৰে হঠাতে অসুস্থ হৈ পৰে মন্ত্ৰীগৰাকী ৷
বছৰৰ আৰম্ভনিতে স্থলসেনাৰ শীৰ্ষ-পৰ্যায়ত ব্যাপক ৰদ-বদল
বছৰৰ আৰম্ভনিতে ভাৰতীয় স্থলসেনাৰ শীৰ্ষ মহলত ব্যাপক সালসলনিৰে সম্পূৰ্ণ টপ-ব্ৰাছৰ বিষয়াসকল নিযুক্ত কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷ এই নতুন নিযুক্তিৰ ভিতৰত আছে বহুকেইটা গুৰুত্বপূৰ্ণ নিযুক্তি, যাক লৈ পাকিস্তান আৰু চীনৰ মুৰৰ কামোৰণি হৈছে ভাৰতীয় স্থলসেনাৰ এইসকল শীৰ্ষ বিষয়া ৷
ৰাজ্যত পুনৰ আক্ৰমণৰ বলি সাংবাদিক
নাৰায়ণপুৰত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি এটি ব্যক্তিগত বৈদ্যুতিক মাধ্যমৰ সাংবাদিক সুব্ৰত কাকতি ৷ বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়তেই সাংবাদিক গৰাকীক আক্ৰমণ কৰে দুৰ্বৃত্তই ৷
ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে ৰাজ্যত
মাঘ বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আছে ৷ ভোগালী বিহুক আদৰাৰ বাবে এতিয়া প্ৰস্তুতি চলিছে তুংগত ৷ বাইহাটা চাৰিআলিত দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ প্ৰস্তুতি ৷ ডুমুনীচৌকীৰ শৰাইঘাট গাঁৱত পূৰ্ণোদ্যমে চলিছে ভোগালী বিহু উদযাপনৰ যোজা ৷
পশ্চিমবংগত ধৰ্মীয় নেতাৰ সৈতে আছাদউদ্দিন ওৱেচিৰ বৈঠক
ৰাজনৈতিক দল এআইএমআইএম ৰ মুখ্য নেতা আছাদউদ্দিন ওৱেচিয়ে দেওবাৰে উপস্থিত হৈছে পশ্চিমবংগত ৷ হুগলী জিলাৰ ফুতুৰা শ্বৰীফত উপস্থিত হৈ ৰাজনৈতিক নেতাগৰাকীয়ে ধৰ্মগুৰুসকলৰ সৈতে বৈঠকত মিলিত হয় ৷ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, ওৱেচিয়ে এটা সংখ্যালঘু সংগঠন গঠনৰ নিমিত্তে পৰিকল্পনা প্ৰস্তুত কৰিছে ৷