অসম

assam

ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি - 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

3 pm top ten news
3 pm top ten news

By

Published : Dec 31, 2020, 3:01 PM IST

অসাৱধানতবশতঃ গুলিবিদ্ধ হৈ আঘাতপ্ৰাপ্ত দুই আৰক্ষী জোৱান

বৃহস্পতিবাৰে তেজপুৰ আৰক্ষীত চাৰ্ভিচ পিষ্টল চাফা কৰি থাকোতে ট্ৰিগাৰত আঙুলি লগাত পিষ্টলৰ গুলিত আহত হয় দুই আৰক্ষী জোৱান । আঘাতপ্ৰাপ্ত দুয়োকে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু বৰ্তমান দুয়ো সংকটমুক্ত ৷

নোমাল গঁড় দেখিছেনে ? খহতা,ডাঠ ছালৰ গঁড়ৰ গাত নোম !

নোম থকা গঁড় আপুনি হয়তো আগতে দেখা নাই । আচৰিত যেন লাগিলেও এয়া সত্য । ৰাছিয়াত উদ্ধাৰ হৈছে এটা নোমাল গঁড় । ৰাছিয়াৰ উত্তৰ দিশত বৰফৰ মাজত উদ্ধাৰ হোৱা মৃত গঁড়টোৱে এতিয়া আলোড়ণৰ সৃষ্টি কৰিছে বিজ্ঞানীসকলৰ মাজত । পূৰ্বে নোম আছিল নেকি গঁড়ৰ শৰীৰত ? এই প্ৰশ্নৰ উত্তৰ হয়তো শীঘ্ৰেই ৰাজহুৱা কৰিব বিজ্ঞানীসকলে ।

শোণিতপুৰ জিলাত অব্যাহত আছে হাতী মানুহৰ সংঘাত

শোণিতপুৰ জিলাৰ বনাঞ্চল সমূহ ধ্বংস হোৱাৰ পৰিণতিত দ্ৰুত গতিত খাদ্য অভাৱ ঘটাৰ লগতে অভাৱ ঘটিছে বন্যহস্তীৰ আৱাসস্থল । ইয়াৰ ফলত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা বনৰীয়া হাতীকেইটা জনাঞ্চললৈ ওলাই অহাৰ পিচতেই জিলাখনত হাতী-মানুহৰ সংঘাত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে।

নগাঁৱত ঠিকনা হেৰুৱাব নেকি কণ কণ পোৱালীৰে সৈতে দুস্প্ৰাপ্য বৰটোকোলাৰ পৰিয়ালে

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ স্বাৰ্থত আশ্ৰয়হীন হোৱাৰ দিশে বাটৰ বাটৰুৱাৰ লগতে দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰস্বৰূপ নগাঁৱৰ পুৰণিগুদামৰ বৰটোকোলাৰ সাতটাকৈ পৰিয়াল ৷ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ স্বাৰ্থত কণ কণ পোৱালিৰে সৈতে বৰটোকোলা কেইটাই আশ্ৰয় লৈ থকা নগাঁৱৰ পুৰণিগুদামৰ নিকটৱৰ্তী কাষৰিগাঁৱত ৰাজপথৰ কাষৰ শিমলু জোপা কাটি পেলোৱাৰ আশংকা ৷ গছ জোপা কাটি পেলোৱাৰ পূৰ্বে বৰটোকোলা কেইটাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ আহ্বান স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজৰ ৷

এই বছৰ জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ হ্ৰাস পাইছে : দিলবাগ সিং

2018 আৰু 19 বৰ্ষৰ তুলনাত জম্মু আৰু কাশ্মীৰত তুলনামূলকভাৱে হ্ৰাস পাইছে সন্ত্ৰাসবাদ মূলক কাম কাজ ৷ এই দাবী জম্মু আৰু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙৰ ৷ অনুপ্ৰৱেশৰ ঘটনাও তুলনামূলকভাৱে হ্ৰাস পোৱা বুলি দাবী আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ ৷

গামোচাত অংকণ কৰিলে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবি

গুৰুজনাৰ প্ৰতিচ্ছবি গামোচাত অংকণ কৰিলে অসম অৰুণাচল সীমান্ত চেলাইখাটীৰ গাঁৱৰ অৱন্তী দৈমাৰী নামৰ এগৰাকী শিপিনীয়ে ৷ গুৰু জনাৰ প্ৰতিচ্ছবি অংকণ কৰা এখন গামোচা শিপিনী গৰাকীয়ে বিশ্বনাথ চাৰিআলি হস্ততাঁত বস্ত্ৰ শিল্প বিভাগক জমা দিছে ৷

পহিলা জানুৱাৰীৰ পৰা মুকলি অসম ৰাজ্যিক চিৰিয়াখানা

নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ দ্বাৰ ৷ 1 জানুৱাৰীৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ’ব চিৰিয়াখানাখন ৷ দৰ্শনাৰ্থীসকলে মানি চলিব লাগিব কোভিড প্ৰট’কল ৷

উধমপুৰ-বাৰামুলা ৰে’ল সংযোগী প্ৰকল্পৰ বাবে 2022 বৰ্ষৰ 15 আগষ্ট সময়সীমা নিৰ্ধাৰণ

34 সংখ্যক PRAGATI মত-বিনিময়ত বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সযোগে ভিন্ন মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় সচিব আৰু মুখ্য সচিবসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ ৷ জম্মু-কাশ্মীৰত নিৰ্মাণ কৰা উধমপুৰ-বাৰামুলা ৰে’ল সংযোগসহ 7 টা মন্ত্ৰণালয়ৰ সৈতে সম্পৰ্কিত 11 টা প্ৰকল্পৰ পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে ৷ এই প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ সময়সীমা 15.08.2022 হিচাপে নিৰ্ধাৰণ প্ৰধানমন্ত্ৰীৰ ৷

নাতিনী আৰাধ্যাৰ সৈতে গীত বাণীবদ্ধ কৰিলে বিগ-বি অমিতাভ বচ্চনে

নাতিনী আৰাধ্যাৰ সৈতে গীত বাণীবদ্ধ বিগ-বি অমিতাভ বচ্চনৰ ৷ টুইটাৰৰ জৰিয়তে নাতিনীয়েকৰ সৈতে ষ্টুডিঅ'ৰ ফটো শ্বেয়াৰ কৰিলে অভিনেতা গৰাকীয়ে ৷ নাতিনীয়েকৰ সৈতে গীত বাণীবদ্ধ কৰা সময়ৰ ফটো শ্বেয়াৰ অভিনেতা গৰাকীৰ ৷

61 শতাংশ মহিলাৰে গঠিত বাইডেনৰ হোৱাইট হাউছ প্ৰশাসন

বাইডেন প্ৰশাসনৰ বাবে হোৱাইট হাউছত নৱনিযুক্ত বিষয়ববীয়াৰ অধিকাংশই মহিলা প্ৰাৰ্থী ৷ 61 শতাংশ মহিলা আৰু 11 শতাংশ LGBTQ আৰু 54 শতাংশ বিভিন্ন বৰ্ণৰ লোকেৰে গঠিত হৈছে বাইডেন হেৰিছৰ নতুন প্ৰশাসন ৷

ABOUT THE AUTHOR

...view details