অসম

assam

ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি - দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি
দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Dec 27, 2020, 2:59 PM IST

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযান

ভাৰতীয় সৈন্য আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথভাৱে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ৷

কোভিড 19 : দেশত 18,732 গৰাকী নতুন আক্ৰান্ত চিনাক্ত

ভাৰতত দেওবাৰে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যাই 1,01,87,850 ৰ সীমা অতিক্ৰম কৰিছে ৷ আইচিএমআৰৰ তথ্য অনুসৰি, 16,81,02,657 টা নমুনাৰ পৰীক্ষা এতিয়ালৈকে সম্পন্ন হৈছে ৷

ক'ভিড-19ৰ প্ৰতিষেধক মজুত ৰখাৰ উদ্দেশ্যে সাজু অন্ধ্ৰপ্ৰদেশ

আটাইতকৈ বৃহৎ সংখ্যক ক'ভিড-19 প্ৰতিষেধক মজুত কৰাৰ বাবে সাজু অন্ধ্ৰপ্ৰদেশ ৷ প্ৰতিষেধক মজুত ৰখাৰ উদ্দেশ্যে ছটা বৃহৎ ৰিফ্ৰিজাৰেটৰ ব্যৱস্থা ৷ প্ৰতিষেধকৰ সাম্ভাৱ্য অপপ্ৰয়োগ বা চুৰি সাম্ভাৱ্য পৰ্যবেক্ষণ কৰাৰ বাবে 50 টাকৈ CCTV কেমেৰাৰ ব্যৱস্থা ৷

সম্প্ৰচাৰ হ’ল প্ৰধানমন্ত্ৰী মোডীৰ বছৰৰ অন্তিমটো মন কী বাত অনুষ্ঠান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বছৰৰ অন্তিমটো দেওবাৰত ৰেডিঅ’যোগে প্ৰচাৰিত মন কী বাতৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে ৷ 72 সংখ্যক দেওবাৰৰ এই অনুষ্ঠান প্ৰধানমন্ত্ৰীৰ দ্বাৰা প্ৰচাৰিত বছৰৰ অন্তিমটো মন কী বাতৰ অনুষ্ঠান আছিল ৷

ধুবুৰীত ভূমি বিবাদত নিহত 2

দেওবাৰে এডোখৰ ভূমিক লৈ ধুবুৰীৰ গৌৰীপুৰ গেৰামাৰী অঞ্চলত দুই পক্ষৰ মাজত লোমহৰ্ষক ঘটনা সংঘটিত হয় ৷ এই ঘটনাত 2 গৰাকী লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাগৰাকীও ৷ ঘটনা সন্দৰ্ভত আটক 4 জনকৈ লোকক ৷

অৰুণাচলত 6 গৰাকী JD(U) বিধায়কৰ বিজেপিত যোগদান

বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ তাপিৰ গাৱে ইটিভি ভাৰতক কয়, অমিত শ্বাহৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ সময়ছোৱাতে অৰুণাচল প্ৰদেশৰ দুটাকৈ ৰাজনৈতিক দলৰ 7 গৰাকী বিধায়কে বিজেপিত যোগদান কৰিছে ৷

মাজুলীত ছেল্ফী উঠিবলৈ মন গ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ !

মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপি চৰকাৰে কৈ অহা মাজুলীৰ উন্নয়ন সম্পৰ্কে স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ দেওবাৰে উপস্থিত হয় নদী দ্বীপটোত ৷ বিধায়কগৰাকীৰ সৈতে এই কাৰ্যসূচীত উপস্থিত থাকে মাজুলী কংগ্ৰেছৰ দলীয় নেতা-কৰ্মীসকল ৷

মা কামাখ্যাৰ আশিস ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

দেওবাৰে পুৱাই মা কামাখ্যাৰ আশিস বিচাৰি শক্তিপীঠত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সমাজৰ মংগলৰ অৰ্থে মা কামাখ্যা চৰণত বিশেষ পূজা আগবঢ়াই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে । ইপিনে,শক্তিপীঠত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সংগ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

সৰিয়হৰ হালধীয়াৰে উপচিছে সোৱণশিৰি-ৰঙানদীৰ দুয়োপাৰ

আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এতিয়া সোৱণশিৰি আৰু ৰঙানদীৰ দুয়োপাৰ ৷ কাৰণ হালধীয়া বৰণ লোৱা সৰিয়হৰ নান্দনিক দৃশ্যই মোহাচ্ছন্ন কৰি তুলিছে বাটৰুৱাক ৷ হাজাৰ হাজাৰ বিঘা কৃষিভূমিত কঁপালৰ ঘাম মাটিত পেলাই বহু কষ্টৰে কৰা সৰিয়হ খেতিয়ে লাভ কৰিছে পূৰ্ণতা ৷ প্ৰাপ্তিৰ আনন্দই যেন আঁতৰ কৰিছে কৃষকৰ ভাগৰ ৷

অমৰ প্ৰেম : স্বামীৰ মৃত্যুৰ 10 মিনিট পাছতেই পত্নীয়েও আঁকোৱালি ল'লে মৃত্যুক

চেন্নাইৰ এটা বয়সীয়া দম্পতী সঁচা প্ৰেমৰ কাহিনী ৷ স্বামীৰ মৃত্যুৰ বাতৰি সহিব নোৱাৰি পত্নীৰ মৃত্যু ৷ 85 বছৰীয়া স্বামীৰ মৃত্যুৰ মাত্ৰ দহ মিনিট পাছতেই পত্নীৰো অজান মুলুকলৈ যাত্ৰা ৷

ABOUT THE AUTHOR

...view details