খেতি কৰিয়েই লক্ষাধিক টকা উপাৰ্জন নাওবৈচাৰ উদ্যমী যুৱ কৃষকৰ
বাৰিষাত সংহাৰী ৰূপ ধাৰণ কৰা ৰঙানদীয়ে পেলাই থৈ যোৱা পলসুৱা বালিময় পথাৰত দুহাতেৰে সজাই দুজন যুৱকে বাস্তৱ ৰূপ দিছে সেউজীয়া সপোনক ৷ লখিমপুৰৰ বহুতৰে দৃষ্টি আকৰ্ষণ কৰা দুই যুৱকৰ নাম ক্ৰমে বৰগঞা বালি গাঁৱৰ শিক্ষিত যুৱক দুলেন বড়ি আৰু সান্তনা পায়েং ৷খেতি কৰিয়েই দুয়ো যুৱকে বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
দায়িত্বভাৰ গ্ৰহণ কৰিয়েই চাডেন ভিজিট বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ
বিটিআৰৰ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্বভাৰ লৈয়ে চাডেন ভিজিট আৰম্ভ কৰিছে প্ৰমোদ বড়োৱে ৷ সোমবাৰে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়ৰ লগতে কোকৰাঝাৰৰ নলাসমুহ পৰিদৰ্শন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে ৷ কিন্তু পৰিদৰ্শন কৰি ক্ষোভিত আৰু হতবাক হৈ পৰে প্ৰমোদ বড়ো ৷
কোভিড ১৯: দেশত ২৪,৩৩৭ গৰাকীৰ দেহত নতুনকৈ কৰ’ণাৰ অৱস্থিতি
ভাৰতত বৰ্তমানলৈকে ১,০০,৫৫,৫৬০ গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ আইচিএমআৰৰ তথ্য অনুসৰি ১৬,২০,৯৮,৩২৯ টা সংগ্ৰহিত নমুনাৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে ৷
নগাঁৱৰ ঐতিহাসিক চাপানালা পৰ্যটন ক্ষেত্ৰত নাই পৰ্যটকৰ ভিৰ
ৰাজ্যৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহৰ এটি হ’ল নগাঁৱৰ চাপানালা ৷ কিন্তু এইবেলি কৰ‘ণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে বুৰঞ্জী প্ৰসিদ্ধ এই পৰ্যটন ক্ষেত্ৰখনত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা ৷
বৰপেটাৰ 80 বছৰীয়া বৃদ্ধৰ ব্যতিক্ৰমী পদক্ষেপ
80 বছৰীয়া এগৰাকী বৃদ্ধ ৷বয়সে মানুহজনক আঁচোৰ মাৰিছে যদিও মনটো দুৰ্বল কৰিব পৰা নাই ৷ বৰপেটা জিলাৰ সৰভোগৰ ৰজনীকান্ত ৰায়ে উজনি অসম ভ্ৰমণ কৰাৰ উদ্দেশ্যে চাইকেলখনক লগৰী কৰি লৈ ভ্ৰমণ কৰিছে ইখনৰ পিছত আনখন জিলা ৷