হাগ্ৰামাক জেললৈ পঠিয়ালে হিমন্তকো পঠাব লাগিব : আব্দুল খালেক
"বিটিচিত হাগ্ৰামা মহিলাৰীয়ে যদি দুৰ্নীতি সংঘটিত কৰিছে তেন্তে তেওঁৰ সৈতে জড়িত হৈ আছে ৰাজ্যৰ বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও ৷ কিয়নো বিত্তমন্ত্ৰীয়ে অনুসন্ধান নকৰাকৈ ধন মোকলাই নিদিয়ে ৷" সংবাদ মাধ্যমযোগে এই বিস্ফোৰক মন্তব্য কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে ৷
চালকক ধন দাবী কৰি গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান
সমগ্ৰ ধুবুৰী জিলাত চলি থকা বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ বাবে ধুবুৰী আৰক্ষীয়ে চাপৰ থানাৰ অন্তৰ্গত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বহুৱাইছিল তালাচী চকী ৷ এই তালাচী চকীতে কৰ্তব্যৰত গৃহৰক্ষী জোৱান দিলদাৰ হুছেইনে ধন দাবী কৰাৰ বাবে গ্ৰেপ্তাৰ হ’বলগীয়া হয় ৷
"বিশ্ব ভূমি দিৱস" উপলক্ষে "জৈৱ বৈচিত্ৰতা"ৰ ওপৰত মত-বিনিময় অনুষ্ঠান
বিশ্ব ভূমি দিৱস উপলক্ষে ২০২০ বৰ্ষৰ বিষয় বস্তু "Keep soil alive, protect soil diversity" ৰ ওপৰত মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত ইক' ক্লাৱৰ নলবাৰীৰ সমন্বয়ক তথা পৰিবেশ কৰ্মী ৰাজেশ দত্ত বৰুৱাই সমল ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰী সকলক কৃষি বিষয়ত যথেষ্ঠ পৰামৰ্শ আগবঢ়ায় ৷
বিধায়িকা আঙুৰলতাক অশালীন শব্দৰে সম্বোধন বিধায়ক কমল সিং নাৰ্জাৰীৰ
দেওবাৰে চিৰাঙত অনুষ্ঠিত হোৱা বিপিএফৰ এক নিৰ্বাচনী সভাত বিধায়িকা আঙুৰলতা ডেকাক লৈ অশালীন মন্তব্য় বিজনী বিধানসভা সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীৰ ৷ বিগত নিৰ্বাচনসমূহৰ তুলনাত এইবাৰ নেতাসকলৰ মাজত বাকযুদ্ধৰ শালীনতা অধিক নিম্নগামী হোৱা পৰিলক্ষিত হৈছে ৷
দুৰ্নীতিৰ ৰজা হিমন্তই হাগ্ৰামাক গালি দিয়াটো শোভা নাপায় : দুৰ্গা দাস বড়ো
শনিবাৰে চিৰাঙৰ মানস ছেৰফাং সমষ্টিত অবড়ো সুৰক্ষা সমিতিৰ প্ৰৰ্থী জোন দাসৰ হৈ প্ৰচাৰ চলায় কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োই ৷ এই প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেতা গৰাকী ৷