অসম

assam

ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি - 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি
দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Dec 24, 2020, 2:59 PM IST

হাতী-মানুহৰ সংঘাতঃ ৰাজ্যত মৃত্যু 113 টা হাতীৰ

শোণিতপুৰ জিলাত হাতী-মানুহৰ সংঘাতৰ ফলত 4 জন লোকক বনৰীয়া হাতীয়ে হত্যা কৰাৰ লগতে মৃত্যু হয় 3 টাকৈ হাতীৰ ৷ প্ৰয়োজনতকৈ বন কৰ্মীৰ যথেষ্ট কম হোৱাৰ বাবে হাতী-মানুহৰ সংঘাতৰ সৈতে বন বিভাগে কেনেদৰে মোকাবিলা কৰিব তাক লৈ শংকিত বন বিষয়া ৷ আনহাতে, 2009 চনৰ পৰা চলিত বৰ্ষৰ 25 ছেপ্টেম্বৰৰ ভিতৰত বিদ্যুৎস্পৃষ্ট হৈ ৰাজ্যত 113 টা হাতীৰ মৃত্যু হয় ৷

বৰপেটাত কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত মানৱ শৃংখল

এবছৰ পাচত ৰাজ্যত পুনৰ আৰম্ভ হৈছে "কা" বিৰোধী আন্দোলন ৷ চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈ বন্দীত্বৰ জীৱন অতিবাহিত কৰি থকা কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত বৰপেটাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ন কৰে মানৱ শৃংখল কাৰ্যসূচী ৷

10 মিনিটৰ বাবে স্থগিত ঘোষণা বিটিচিৰ সদন

আৰম্ভণিতেই উত্তাল হৈ পৰে বিটিচিৰ সদন ৷ হাতত প্লে’ কাৰ্ড লৈ অধ্যক্ষৰ আসনৰ ওচৰত প্ৰতিবাদমুখৰ হৈ পৰিল বিপিএফৰ কাৰ্যবাহীসকল ৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাত অধ্যক্ষই 10 মিনিটৰ বাবে স্থগিত ৰাখে সদন ৷

ঘোঁৰামৰাত বিকল পানী যোগান আঁচনি

দীৰ্ঘদিনে অচল হৈ পৰি ৰৈছে উত্তৰ গুৱাহাটীৰ ঘোঁৰামাৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত পানী যোগান আঁচনিখন ৷ বিগত কেইবাবছৰো ধৰি বিকল হৈ আছে পানী যোগান আঁচনিখনৰ ফিল্টাৰ ৷ ফলত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে অঞ্চলবাসী ৷

24 ঘন্টাত দেশত ক'ৰণা আক্ৰান্ত 24,712 জন

যোৱা 24 ঘন্টাত দেশত ক'ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা 24,712 জন বিপৰীতে ক'ৰণাত মৃত্যু হোৱা লোকৰ সংখ্যা মাত্ৰ 312 জন ৷ ICMR ৰ তথ্য অনুসৰি দেশত এতিয়ালৈকে ১৬,৫৩,০৮,৩৬৬ টা কভিড টেষ্ট কৰা হৈছে ৷

উত্তৰাখণ্ডৰ বিজেপি বিধায়ক মহেশ নেগীক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ

যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত উত্তৰাখণ্ডৰ বিজেপি বিধায়ক মহেশ নেগীক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ৷ যোৱা 6 চেপ্তেম্বৰত ডেৰাডুন থানাত এগৰাকী মহিলাই ৰুজু কৰিছিল গোচৰ ৷

উটৰ পিঠিত উঠি জেৰুজালেমত চান্টাৰ আনন্দ বিলোৱাৰ প্ৰয়াস

উৎসৱৰ সময়ছোৱাত ক'ভিড-19 সৃষ্ট পৰিৱেশৰ বাবে ম্লান পৰা উৎসাহ আৰু আনন্দ ঘূৰাই আনিবৰ বাবে পুৰণি জেৰুজালেম চহৰত চান্টা ক্লজ ৷ চান্টাক্লজৰ সাজত উটত উঠি পুৰণি জেৰুজালেম চহৰবাসীক আনন্দিত কৰাৰ প্ৰচেষ্টা ৷

16 বছৰীয়া কিশোৰীক যৌন কৰ্মী হ'বলৈ বাধ্য কৰালে মাহীয়েকে

দেহ ব্যৱসায়ত জড়িত হ'বলৈ বাধ্য কৰোৱা এগৰাকী 16 বছৰীয়া কিশোৰীক বুধবাৰে উদ্ধাৰ কৰে তামিলনাডু আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে আটক কৰে যৌন ব্যৱসায়ৰ লগত জড়িত 5 গৰাকী মহিলা সহ 6 জন লোকক ৷

ভুৱা পৰিচয়েৰে বিবাহঃ পাছত ধৰ্মান্তকৰণৰ বাবে হেঁচা

ইছলাম ধৰ্মৰ যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হিন্দু যুৱতী ৷ ভুৱা পৰিচয়ৰে প্ৰথমে বন্ধুত্ব তাৰ পাছত বিবাহ আৰু তাৰ পাছতেই ধৰ্মান্তকৰণৰ বাবে হেঁচা ৷ বোৰ্খা পিন্ধিবলৈ হেঁচা দিয়াৰ লগতে নামাজ পঢ়িবলৈ বাধ্য কৰোৱাৰ অভিযোগ যুৱতী গৰাকীৰ ৷

ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশ গ্ৰহণ কৰি কি ক'লে সভাপতি ৰঞ্জিত দাসে ?

অসমৰ নতুন অঞ্চলিক দলে বৰাক উপত্যকাত এখন আসন দখল কৰিলে বিজেপৰ কার্যকর্তা সকলে পদত্যাগ কৰিব। দ্বিতীয় দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে এই মন্তব্য কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ।

ABOUT THE AUTHOR

...view details