অসম

assam

ETV Bharat / bharat

শিলিগুৰিত নাহৰফুটুকীৰ মাংসৰে পিকনিক : ছ’চিয়েল মিডিয়াত ভাইৰেলৰ পিছতে গ্ৰেপ্তাৰ ৩ - নাহৰফুটুকীৰ মাংসৰ সৈতে বনভোজ

প্ৰথমে হত্যা আৰু তাৰপিছত নাহৰফুটুকীৰ মাংসৰে বনভোজ (Leopard killed in Siliguri) ৷ মূহুৰ্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল ফটো ৷ ইয়াৰ পাছতেই অভিযান আৰক্ষী, বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাৰ লগতে সশস্ত্ৰ সীমা বলৰ ৷ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ তিনিজন লোক ৷ কিন্তু ইয়াৰ পাছতেই পোহৰলৈ আহে প্ৰকৃত তথ্য ৷ ছ’চিয়েল মিডিয়াত ফটো ভাইৰেল কৰাতো বন বিভাগ তথা আৰক্ষীৰ চকুত ধূলি দিয়াৰ ষড়যন্ত্ৰহে আছিল ৷ চাওঁক ইয়াৰ আঁৰৰ কাৰণ কি ?

3-people-are-arrest-on-leopard-killed-in-siliguri
শিলিগুৰিত নাহৰফুটুকীৰ মাংসৰে বনভোজ কৰি গ্ৰেপ্তাৰ ৩

By

Published : Mar 12, 2022, 1:27 PM IST

নেশ্যনেল ডেস্ক, 12 মাৰ্চ : পশ্চিমবংগৰ শিলিগুৰিত নাহৰফুটুকীক হত্যা কৰি মাংস ভক্ষণ কৰাৰ অভিযোগত শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন লোকক (Leopard killed in Siliguri) ৷ মৃত নাহৰফুটুকীটোৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখা, সশস্ত্ৰ সীমা বলৰ চোৰাংচোৱা শাখা আৰু বন বিভাগে অনুসন্ধান কৰি গ্ৰেপ্তাৰ কৰে লোক কেইজনক (Three arrested for killing Leopard) ।

আটকাধীন লোককেইজন ফাউজিজোত ফাঁচীখণ্ডৰ ৰায়লাইনৰ বাসিন্দা মুকেশ কেৰকেট্টা আৰু পিটালুছ কেৰকেট্টা আৰু মালবজাৰৰ ৰাণীচিৰা চাহ বাগিচাৰ তাপস খুৰা বুলি জানিব পৰা হৈছে ৷ অভিযুক্ত লোককেইজনে নাহৰফুটুকীটো চিকাৰ কৰাৰ পাছত বনভোজৰ আয়োজন কৰি ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰিছিল ৷

নাহৰফুটুকীৰ ছাল

এই ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো, সশস্ত্ৰ সীমা বলৰ চোৰাংচোৱা শাখা আৰু বন বিভাগে অভিযান আৰম্ভ কৰে আৰু ঘটনাৰ 15 দিনৰ পিছত লোককেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

অভিযানকাৰী দলটোৱে প্ৰথমে ফাউজিজোত ফাঁচীখণ্ডৰ পৰা একেটা খণ্ডৰ ৰায়লাইনৰ বাসিন্দা মুকেশ কেৰকেট্টা আৰু পিটালুছ কেৰকেট্টা নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে ৷ তেওঁলোকৰ পৰা নাহৰফুটুকীটোৰ ছাল উদ্ধাৰ কৰা হৈছিল । কিন্তু ছালখন দেখি বিষয়াসকলৰ সন্দেহৰ সৃষ্টি হয় ৷ কাৰণ নাহৰফুটুকীটোৰ হাতোৰা আৰু অন্যান্য অংশবোৰ ছালৰ সৈতে সংলগ্ন নাছিল । ইয়াৰ পাছত পুনৰ লোক দুজনক জেৰা কৰা হৈছিল ।

অভিযানকাৰী দলটোৰ জেৰাত মালবজাৰৰ ৰাণীচিৰা চাহ বাগিচাৰ বাসিন্দা তাপস খুৰা নামৰ আন এজন লোক এই ঘটনাত জড়িত থকা বুলি ব্যক্তি দুজনে স্বীকাৰ কৰে ৷ শুকুৰবাৰে বিয়লি দলটোৱে পুনৰ অভিযান চলাই ঘোষপুকুৰ অঞ্চলৰ পৰা তাপস খুৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

নাহৰফুটুকীৰ হাতোৰা

ইয়াৰ পাছতেই শুকুৰবাৰে ৰেঞ্জাৰ সোণম ভূটীয়াই নাহৰফুটুকীটোৰ ছাল নেপাললৈ চোৰাংকৈ সৰবৰাহৰ বাবে দলটোৱে পৰিকল্পনা কৰিছিল বুলি জানিবলৈ দিয়ে (Attempting to sell the Skin of a Leopard) ৷ অৱশ্যে নাহৰফুটুকীটোৰ হত্যাৰ সন্দৰ্ভত বন বিভাগৰ অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ৷

ৰেঞ্জাৰ ভূটীয়াই সদৰি কৰা অনুসৰি গাঁৱবাসী, আৰক্ষী তথা বন বিভাগে মৃত নাহৰফুটুকীটোৰ বিষয়ে অৱগত নাছিল । নাহৰফুটুকীটোৰ ছালৰ লাগি থকা মঙহলৈ প্ৰত্যক্ষ কৰি বন বিভাগে নাহৰফুটুকীটো কিছুদিন পূৰ্বেহে মৃত্যু হোৱা অথবা হত্যা কৰাৰ সন্দেহ কৰিছে ৷ চোৰাং ব্যৱসায়ীসকলে পৃথকে ছালৰ লগতে অন্যান্য অংশসমূহ বিক্ৰীৰ (Attempting to sell Nails of a Leopard) পৰিকল্পনা কৰাৰ সন্দেহ কৰিছে অভিযানকাৰী দলটোৱে ৷

জানিব পৰা মতে নাহৰফুটুকীটোৰ ছালৰ আকাৰ আছিল ১৫৬ ছেমিঃ দীঘল আৰু ৫০ ছেমিঃ বহল । নাহৰফুটুকীটোৰ মাংস বন বিভাগ তথা আৰক্ষীৰ চকুত ধূলি দিবলৈহে ৰন্ধা হৈছিল বুলি সন্দেহ কৰিছে অভিযানকাৰী দলটোৱে । শনিবাৰে শিলিগুৰি আদালতত হাজিৰ কৰোৱা হ'ব অভিযুক্ত কেইজনক ।

লগতে পঢ়ক :Encounter at Kashmir : কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৪ সন্ত্ৰাসবাদী নিহত

ABOUT THE AUTHOR

...view details