অসম

assam

ETV Bharat / bharat

Assam Rifles ৰ অভিযানত তিনিজন NSCN কেডাৰ নিহত - অসম ৰাইফলছ

NSCN ( KYA) ৰ তিনিজনকৈ দুধৰ্ষ কেডাৰ নিহত হোৱা সন্দৰ্ভত খুনছাত অসম ৰাইফলছে সংবাদ মেল যোগে সদৰি কৰিলে তথ্য ৷ সবিশেষ জানো আহক ৷

Assam Rifles ৰ অভিযানত তিনিজন NSCN কেডাৰ নিহত
Assam Rifles ৰ অভিযানত তিনিজন NSCN কেডাৰ নিহত

By

Published : Nov 16, 2021, 9:22 PM IST

তিনিচুকীয়া, 16 নবেম্বৰ :খুনছাস্থিত ছয় নং অসম ৰাইফলছ(Assam Rifles)ৰ মুখ্য কাৰ্যালয়ত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি ব্ৰিগেদিয়াৰ বিজিত চাহাৰে ১৪ নৱেম্বৰত হোৱা ঘটনাৰ সন্দৰ্ভত অৱগত কৰে । অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰৰ সীমামূৰীয়া লংডিং জিলা আৰু ম্যানমাৰ সীমান্তত অসম ৰাইফলচৰ অভিযানকাৰী দলৰ লগত এন এচ চি এন (KYA)ৰ সৈতে ভয়ংকৰ সংঘৰ্ষৰ কথা উল্লেখ কৰাৰ লগতে উগ্ৰপন্থীয়ে অপহৰণ কৰি নিয়া সুনুৱাং হাখুনক উদ্ধাৰ কৰিবলৈও সক্ষম হয় বুলি উল্লেখ কৰে।

Assam Rifles ৰ অভিযানত উদ্ধাৰ হোৱা অস্ত্ৰ

আনহাতে অসম ৰাইফলছৰ দলটোৱে তিনিটা এ কে এম কিউ চিৰিজৰ ৰাইফল, ছটা মেগজিন, এখন খুকুৰীৰ লগতে বৃহৎ পৰিমাণৰ সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত ধাৰাবাহিক ভাবে অব্যাহত আছে উগ্ৰপন্থী বিৰোধী তীব্ৰ অভিযান । মণিপুৰত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণত পত্নী-পুত্ৰ সহ অসম ৰাইফলছৰ শীৰ্ষ বিষয়াৰ লগতে কেইবাজনো জোৱান নিহত হয় ৷

Assam Rifles ৰ অভিযানত তিনিজন NSCN কেডাৰ নিহত

ইয়াৰ পিছতে অসম ৰাইফলছে উগ্ৰপন্থী বিৰোধী অভিযান তীব্ৰ কৰি তুলিছে ।

সোমবাৰে অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰৰ সীমামূৰীয়া লংডিং জিলা আৰু ম্যানমাৰ সীমান্তত অসম ৰাইফলচৰ অভিযানকাৰী দলৰ লগত এন এচ চি এন (KYA)ৰ সৈতে ভয়ংকৰ সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ সংঘৰ্ষত এনএচচিএন ( KYA) ৰ তিনিজনকৈ দুধৰ্ষ কেডাৰ নিহত হয় । এক নিৰ্ভৰ যোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা ১৪ নৱেম্বৰত অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ লালু গাঁৱৰ গাওঁবুঢ়া ৰানা পিঅক NSCN (KYA) সদস্যই অপহৰণ কৰি ম্যানমাৰলৈ নি থকা অৱস্থাত অসম ৰাইফলচৰ অভিযানকাৰী দলে গোপন সূত্ৰে জানিব পাৰি তালাচী চলায় ৷

এই তালাচী অভিযানতেই দুয়ো পক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় । সংঘৰ্ষত তিনিজনকৈ দুধৰ্ষ কেডাৰ নিহত হয় যদিও নিহত কেডাৰ কেইজনৰ পৰিচয় বৰ্ত্তমানেও জানিব পৰা হোৱা নাই । আনহাতে, কেডাৰ কেইজনৰ পৰা অসম ৰাইফলছৰ দলটোৱে তিনিটা এ কে এম কিউ ৮১ ৰাইফল, ছটা মেগজিন, এখন খুকুৰীৰ লগতে বৃহৎ পৰিমাণৰ সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :Border Conflict : ৩১ ডিচেম্বৰৰ ভিতৰত অসম-মেঘালয় সীমা সমস্যাৰ সমাধানৰ ইংগিত

ABOUT THE AUTHOR

...view details